
তিনিচুকীয়া, ১৫ ডিচেম্বৰ (হি.স.): অৰুণাচল প্ৰদেশত দুৰ্ঘটনাত পতিত হোৱা শ্ৰমিকৰ শোকাৱহ দুৰ্ঘটনাৰ পাছতে ঠিকাদাৰ ছিৰাজুল আহমেদ আৰু ছাইৰুদ্দিন আলীক যোৱা কালি দেওবাৰে বিয়লি গ্ৰেপ্তাৰ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে।
তিনিচুকীয়া সদৰ থানাত 432/2025 নম্বৰ গোচৰ ৰুজু কৰি দুয়ো ঠিকাদাৰৰ বিৰুদ্ধে u/s 143(3)/105/125(b)/61(2) BNSৰ ধাৰা আৰোপ কৰি তদন্ত চলাইছে তিনিচুকীয়া আৰক্ষীয়ে ৷ এই দুই ঠিকাদাৰৰ তত্বাৱধানত ৰাজ মিস্ত্ৰীৰ কাম কৰিবলৈ গৈ শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল গেলাপুখুৰী চাহ বাগিচাৰ ২১ গৰাকী শ্ৰমিকে । এই শ্ৰমিকসকলৰ মৃতদেহ ইতিমধ্য়ে স্বগৃহলৈ অনা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ