চাপৰৰ মৌৱাটাৰীৰ ড্ৰাগছ ব্যৱসায়ী আটক
চাপৰৰ মৌৱাটাৰীৰ ড্ৰাগছ ব্যৱসায়ী আটক।
চাপৰৰ মৌৱাটাৰীৰ ড্ৰাগছ ব্যৱসায়ী আটক


ধুবুৰী, ১৩ ডিচেম্বৰ (হি.স.): ধুবুৰী জিলাৰ চাপৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব লৈয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে। চাপৰত যোৱা কালি শুকুৰবাৰে বিয়লি ড্ৰাগছৰ বিৰুদ্ধে বঙাইগাঁৱৰ আৰএফটি (RANGE FIELD TEAM) আৰু 48 বিএন চিআৰপিএফৰ সহযোগত চাপৰ আৰক্ষীয়ে অভিযান চলায়। অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ব্ৰাউন চুগাৰ। এই সন্দৰ্ভত চাপৰৰ মৌৱাটাৰীৰ ৰমেছ আলী নামৰ ড্ৰাগছ ব্যৱসায়ীটোক আটক কৰা হয়।

এক গোপন সূত্ৰৰ ভিত্তিত আৰএফটি আৰু 48 বিএন চিআৰপিএফ আৰু চাপৰ আৰক্ষীয়ে চাপৰৰ আৰেয়াৰঝাৰত চলায় অভিযান। অভিযানত হাতে লোটে জব্দ কৰে চাবনৰ বাকচত কঢ়িয়াই অনা সন্দেহযুক্ত ব্ৰাউন চুগাৰখিনি। উল্লেখ্য যে ড্ৰাগছ ব্যৱসায়ী ৰমেছ আলীয়ে পূৰ্বতেও ড্ৰাগছ সৰবৰাহত ইতিমধ্যে কাৰাবাস খাটি আহিছে। কাৰাবাসৰ পৰা ওলাই আহিয়েই পুনৰ ড্ৰাগছ ব্যৱসায়ত নামি পৰিছে ৰমেছ আলীয়ে। আটকাধীন ড্ৰাগছ ব্যৱসায়ী জনক চাপৰ আয়ক্ষীয়ে ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande