চৰকাৰ আৰু জেন জি গোটৰ মাজত হোৱা চুক্তিক অলিৰ “অৰ্থহীন নাটক” বুলি অভিহিত
কাঠমাণ্ডু, ১১ ডিচেম্বৰ (হি.স.)। প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে অন্তৱৰ্তীকালীন চৰকাৰ আৰু জেন জি আন্দোলনৰ প্ৰতিনিধিৰ মাজত হোৱা ১০ দফীয়া চুক্তিক বৃহস্পতিবাৰে তীব্ৰ সমালোচনা কৰি ইয়াক ‘অৰ্থহীন নাটক’ বুলি অভিহিত কৰে। জেন জি গোটৰ সৈতে এনে আলোচ
पूर्व प्रधानमंत्री के पी ओली


কাঠমাণ্ডু, ১১ ডিচেম্বৰ (হি.স.)। প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে অন্তৱৰ্তীকালীন চৰকাৰ আৰু জেন জি আন্দোলনৰ প্ৰতিনিধিৰ মাজত হোৱা ১০ দফীয়া চুক্তিক বৃহস্পতিবাৰে তীব্ৰ সমালোচনা কৰি ইয়াক ‘অৰ্থহীন নাটক’ বুলি অভিহিত কৰে। জেন জি গোটৰ সৈতে এনে আলোচনা কৰাৰ কোনো বৈধ কৰ্তৃত্ব চৰকাৰৰ নাই বুলিও তেওঁ কয়।

সম্পাদকসকলৰ সৈতে এক অনুষ্ঠানত অলিয়ে কয় যে ইতিমধ্যে এই চুক্তি কাৰ্যক্ষেত্ৰত নাকচ কৰা হৈছে। এনে নথি-পত্ৰক স্বীকৃতি বা গ্ৰহণ কৰা উচিত নহয়। অলিয়ে কয়, আমি এই অৰ্থহীন নাটকখন কোনো ৰূপতে গ্ৰহণ নকৰো।

চুক্তিখনত ৮-৯ ছেপ্টেম্বৰৰ জেন জি প্ৰতিবাদত নিহতসকলক “শ্বহীদ” বুলি ঘোষণা কৰাৰ ব্যৱস্থাও আছে, তেওঁলোকৰ পৰিয়ালক সকাহ প্ৰদান কৰা, আহতসকলক বিনামূলীয়া স্বাস্থ্যসেৱা, শিক্ষা, কৰ্মসংস্থাপন, আৰু সামাজিক সুৰক্ষা প্ৰদান কৰা আৰু “শ্বহীদ স্মাৰক ফাউণ্ডেশ্যন” স্থাপন কৰা। এই চুক্তিত মানৱ অধিকাৰ উলংঘাৰ তদন্ত, ৰাজ্যিক প্ৰতিষ্ঠানসমূহৰ ওপৰত পক্ষপাতমূলক প্ৰভাৱ হ্ৰাস কৰা, নিৰ্বাচনত ওপৰৰ কোনোটোৱেই নহয় বিকল্প ৰূপায়ণ কৰা, প্ৰাথমিক নিৰ্বাচন অনুষ্ঠিত কৰা, প্ৰাৰ্থীত্বৰ নূন্যতম বয়স ২১ বছৰ নিৰ্ধাৰণ কৰা আদি বিধানো সন্নিবিষ্ট কৰা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande