
শিৱসাগৰ, ০৮ নৱেম্বৰ (হি.স.)। শিৱসাগৰ জিলাৰ ডিমৌৰ শতাধিক জটিল ৰোগত আক্ৰান্ত ৰোগীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। ডিমৌ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা ৰোগীসকলক লৈ ৰাওনা হয় চাৰিখনকৈ বাছ।
উল্লেখ্য় যে যোৱা ১৯ ছেপ্টেম্বৰত ডিমৌত অনুষ্ঠিত বিশাল স্বাস্থ্য পৰীক্ষা শিৱিৰ যোগে চিনাক্ত কৰা ডিমৌ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ শিশুকে ধৰি জটিল ৰোগাক্ৰান্তক ডিব্রুগড়লৈ আজি বিনামূলীয়া উন্নত চিকিৎসাৰ বাবে স্বাস্থ্য বিভাগৰ এই ব্যৱস্থা। ডিমৌৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে এই যাত্ৰা।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা