শিল্পী জুবিন গাৰ্গৰ জন্মদিন ১৮ নৱেম্বৰ দিনটো জাতীয় স্বাভিমান দিৱস হিচাপে উদযাপন কৰিব কলিয়াবৰবাসীয়ে
শিল্পী জুবিন গাৰ্গৰ জন্মদিন ১৮ নৱেম্বৰ দিনটো জাতীয় স্বাভিমান দিৱস হিচাপে উদযাপন কৰিব কলিয়াবৰবাসীয়ে।
শিল্পী জুবিন গাৰ্গৰ জন্মদিন ১৮ নৱেম্বৰ দিনটো জাতীয় স্বাভিমান দিৱস হিচাপে উদযাপন কৰিব কলিয়াবৰবাসীয়ে


গোলাঘাট, ০৮ নৱেম্বৰ (হি.স.): অসমীয়াৰ হিয়াৰ আমঠু, নৱ প্ৰজন্মৰ হাৰ্টথ্ৰব শিল্পী জুবিন গাৰ্গৰ জন্মদিন ১৮ নৱেম্বৰ দিনটো কলিয়াবৰবাসীয়ে দিনযোৰা কাৰ্যসূচীৰে জাতীয় স্বাভিমান দিৱস হিচাপে উদযাপন কৰিব । কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা ৰাজহ মন্ত্ৰী কেশৱ মহন্তৰ উদ্যোগত শুকুৰবাৰে কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত ৰাজহুৱা সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

কলিয়াবৰৰ শতাধিক অনুষ্ঠান -প্ৰতিষ্ঠানৰ লগতে জাতীয় সংগঠন সমূহৰ প্ৰতিনিধি সকলৰ সৈতে অনুষ্ঠিত ৰাজহুৱা সভাত শিল্পী প্ৰয়াত জুবিন গাৰ্গৰ জন্মদিন ১৮ নৱেম্বৰ দিনটো জাতীয় স্বাভিমান দিৱস হিচাপে উদযাপন কৰাৰ লগতে বিভিন্ন ধৰ্মীয় অনুষ্ঠান আৰু গীত-মাতৰ অনুষ্ঠান আয়োজনৰ সিদ্ধান্ত লোৱা হয়। সেই অনুসৰি ১০০০ গায়ন-বায়নে খোল-প্ৰসঙ্গ আৰু ৫০০০ আই মাতৃৰ দ্বাৰা দিহানামৰ অনুষ্ঠান পৰিৱেশনৰে জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰিব কলিয়াবৰবাসীয়ে। লগতে থাকিব জুবিন গাৰ্গৰ নিৰ্বাচিত গীতৰ অনুষ্ঠান।

জাতীয় স্বাভিমান দিৱসত১০ হাজাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে পৰিবেশন কৰিব শিল্পী জুবিন গাৰ্গৰ মায়াবিনী গীত। প্ৰকৃতিক ভাল পোৱা জুবিন গাৰ্গৰ স্মৃতিত ৰোপণ কৰা হ'ব নাহৰ গছ । কলিয়াবৰৰ মধ্যস্থল কুঁৱৰীটোলত জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হ'ব এটুকুৰা চৰকাৰী ভূমি। য'ত খেলা ধুলাৰ লগতে সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত কৰাৰ সুবিধা থাকিব বুলি স্থানীয় বিধায়ক কেশৱ মহন্তই জানিব দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande