
কাৰ্বি আংলং, ০৮ নৱেম্বৰ (হি.স.): কাৰ্বি আংলং জিলাৰ বোকাজানত যোৱা কালি শুকুৰবাৰৰ সন্ধিয়া অবৈধ বিলাতী সুৰা জব্দ কৰা হয়। এই সন্দৰ্ভত আৰক্ষীয়ে দুজনক আটক কৰে। খটখটি আৰক্ষীৰ তালাচীত অবৈধভাৱে কঢ়িয়াই অনা অৱস্থাত জব্দ কৰা হৈছে ২৯ কাৰ্টুন বিলাতী সুৰা।
বোকাজানৰ পৰা কহিমা অভিমুখী এনএল ০৭ এন ৫৫০৮ নম্বৰৰ টাটা যোদ্ধা বাহনৰপৰা খটখটি আৰক্ষীয়ে জব্দ কৰে এই বিলাতী সুৰা সমূহ। আলু বস্তাৰ তলত লুকুৱাই অনা অৱস্থাত খটখটি আৰক্ষীয়ে জব্দ কৰে অবৈধ সুৰা খিনি। এই সর্ন্দভত খটখটি আৰক্ষীয়ে মণিপুৰৰ চাৱানলিংবু থিউমাই (Chawanglinbou Thiumai) আৰু বি ভেইনী নামৰ লোক দুজনক লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে।
বোকাজানৰ কোনখন সুৰা বিপনীৰ পৰা এনেদৰে বৃহৎ পৰিমাণৰ সুৰা বৰ্হি ৰাজ্যলৈ গোপনে সৰবৰাহ কৰি আছে।অনুজ্ঞাপত্ৰ অবিহনে কোন সুৰা মাফিয়াই এনেদৰেই গোপনে কিং ফিচাৰ কেন সৰবৰাহৰ কৰি আহিছে।আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব সুৰা সৰবৰাহৰ লগত জড়িত সকলো ঘটনা।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ