সৃজনগ্ৰামত সংঘটিত পথ দুৰ্ঘটনাত আহত দুজন
বঙাইগাঁও, ০৮ নৱেম্বৰ (হি.স.)। সৃজনগ্ৰামত ভয়ংকৰ পথ দুৰ্ঘটনা । সংকটজনক অৱস্থাত বঙাইগাঁওলৈ প্ৰেৰণ দুই যুৱকক ।ৰাস মহোৎসৱৰ মাজতে কালি নিশা বঙাইগাঁও জিলাৰ সৃজনগ্ৰামত এএছ ১৯ ইআৰ ০৫৩০ নম্বৰৰ ই-ৰিক্সা আৰু এএছ ১৯ইউ ৪৭২৩ নম্বৰৰ স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষৰ স
সৃজনগ্ৰামত সংঘটিত পথ দুৰ্ঘটনাত আহত দুজন


বঙাইগাঁও, ০৮ নৱেম্বৰ (হি.স.)। সৃজনগ্ৰামত ভয়ংকৰ পথ দুৰ্ঘটনা । সংকটজনক অৱস্থাত বঙাইগাঁওলৈ প্ৰেৰণ দুই যুৱকক ।ৰাস মহোৎসৱৰ মাজতে কালি নিশা বঙাইগাঁও জিলাৰ সৃজনগ্ৰামত এএছ ১৯ ইআৰ ০৫৩০ নম্বৰৰ ই-ৰিক্সা আৰু এএছ ১৯ইউ ৪৭২৩ নম্বৰৰ স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হয় ।

ৰাস মহোৎসৱ উপভোগ কৰি ই-ৰিক্সাৰে দুই কন্যা শিশু সহ সপৰিয়ালে ঘৰলৈ উভোতাৰ পথত, বিপৰীত দিশৰ পৰা অহা দ্ৰুত বেগী স্কুটী এখনে মুখামুখিকৈ খুণ্ডা মাৰে। ফলত গুৰুতৰ ভাবে আহত হয় বঙাইগাঁৱৰ দুই যুৱক ।ঘটনাস্থলীত বৰঘোলা আৰক্ষী উপস্থিত হৈ সৃজনগ্ৰাম আদৰ্শ চিকিৎসালয়ত আহত দুই যুৱকক ভৰ্ত্তি কৰায় যদিও ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ কৰে ।গুৰুতৰ ভাবে আহত দুই যুৱকৰ অৱস্থা বৰ্তমান অতি সংকটজনক বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande