কাইলৈৰ পৰা গোৱালপাৰাৰ দহিকাটা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান
কাইলৈ গোৱালপাৰাৰ দহিকাটা সংৰক্ষিত বনাঞ্চলত আৰম্ভ হ'ব উচ্ছেদ অভিযান
কাইলৈৰ পৰা গোৱালপাৰাৰ দহিকাটা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান


গোৱালপাৰা, ০৮ নৱেম্বৰ (হি.স.): ৰাজ্যত পুনৰ আৰম্ভ হ'ব উচ্ছেদ অভিযান। গোৱালপাৰা জিলাৰ দহিকাটা সংৰক্ষিত বনাঞ্চলৰ বেলাৰ মুক্ত কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। দুদিনীয়াকৈ চলিব এই উচ্ছেদ অভিযান।

বিভাগীয় তথ্য অনুসৰি দহিকাটা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত সোনিপুৰত ৯ আৰু ১০ অক্টোবৰত চলিব বৃহৎ উচ্ছেদ অভিযান। মুঠ ৬০০ টা পৰিয়ালৰ ঘৰ, ১১৪৩ বিঘা (১৫৩ হেক্টৰ) ভূমি, ৩খন চৰকাৰী প্ৰাথমিক বিদ্যালয় আৰু এটা মছজিদ এই অঞ্চলত অৱস্থিত। ইফালে উচ্ছেদৰ জাননীৰ পাছত ৭০ শতাংশ লোকে ইতিমধ্যে নিজেৰে স্থান খালি কৰিছে। অভিযানৰ বাবে অসম বন সুৰক্ষা বাহিনীৰ ১২৫ জন আৰু অসম আৰক্ষীৰ ২০০ জন জোৱান মোতায়েন কৰা হৈছে।

উল্লেখ্য, অঞ্চলটো ১৯৫৯ চনত প্ৰস্তাৱিত ৰিজাৰ্ভ ফৰেষ্ট আৰু ১৯৭৩ চনত ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হৈছিল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande