মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত চৰকাৰী ভূমি বেদখল কৰিলে একাংশ সন্দেহজনক লোকে
কামৰূপ, ০৮ নৱেম্বৰ (হি.স.)। ৰাজ্যত চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি হিমন্ত চৰকাৰৰ ।যি কোনো পৰিস্থিতিৰ বেদখল মুক্ত কৰাৰ বাবে উঠিপৰি লাগিছে চৰকাৰ ।কিন্তু তেনেসময়তে পোহৰলৈ আহিছে মুখ্যমন্ত্ৰীৰ গৃহসমষ্টিতে চৰকাৰী ভূমি বেদখলৰ তথ্য ।কামৰূপৰ হাজ
মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত চৰকাৰী ভূমি বেদখল কৰিলে একাংশ সন্দেহজনক লোকে


কামৰূপ, ০৮ নৱেম্বৰ (হি.স.)। ৰাজ্যত চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি হিমন্ত চৰকাৰৰ ।যি কোনো পৰিস্থিতিৰ বেদখল মুক্ত কৰাৰ বাবে উঠিপৰি লাগিছে চৰকাৰ ।কিন্তু তেনেসময়তে পোহৰলৈ আহিছে মুখ্যমন্ত্ৰীৰ গৃহসমষ্টিতে চৰকাৰী ভূমি বেদখলৰ তথ্য ।কামৰূপৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাক্ষসিনী চৰৰ বিশাল ভূমি দৰা এতিয়া সন্দেহযুক্ত নাগৰিকৰ হাতত। প্ৰায় শ শ বিঘা ভুমিৰে আগুৰি থকা ভূমিখনি স্থানীয় একাংশ দালালে বেদখল কৰি সেই চৰকাৰী ভূমি লীজত দিছে একাংশ সন্দেহযুক্ত নাগৰিকক ।যাৰ পৰিনিতিত অঞ্চলটোৰ গো-পালকৰ তথা খিলঞ্জীয়া লোকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।আজ্ঞাঠুৰি, দলিবাৰী, শিঙিমাৰী, গন্ধমৌ, ৰৌমাৰীকে ধৰি কেইবাখনো গঞা ৰাইজৰ প্ৰায় তিনি হাজাৰ গৰু আৰু ম'হ বিচৰণ স্থলী হিচাপে অস্থায়ী ভাৱে ব্যৱহাৰ কৰি আহিছিল অঞ্চলটোৰ ৰাইজে ।কিন্তু হঠাৎ একাংশ দালালে সেই চৰকাৰী ভূমিকে লীজত দি মুনফা আদায় কৰি অন্ধকাৰ নমাই আনিছে স্থানীয় গোপালক তথা কৃষকৰ মাজত ।স্থানীয় কৃষক সকলক বঞ্চিত কৰি এনেদৰে চৰকাৰী ভূমি বেদখল কৰি একাংশ সন্দেহযুক্ত লোকক দিয়াৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে কৃষক তথা স্থানীয় গঞা ৰাইজে ।স্থানীয় গো পালক সকলে হাজো ৰাজহ চক্ৰৰ বিষয়াক লিখিত আবেদন দিয়াৰ পিছতেই গোন্ধমৌ গাঁওবুঢ়াক লগত লৈ পৰিদৰ্শন কৰিব আহিল হাজোৰ মণ্ডল বিষয়া সকল ।পৰিদৰ্শন কৰাৰ পিছতেই ভয়ংকৰ তথ্য পোহৰলৈ আহিল এই বিশাল শ শ বিঘা ভূমিত এতিয়া মিঞাই লীজত লৈ খেতি কৰিবলৈ আৰম্ভ কৰিছে । যাৰ বাবে এতিয়া সেই ঠাইত গৰু মহ গলেই আক্ৰমণ কৰে আৰু খেদি পঠিয়াই ।ইয়াৰ পূৰ্বেও কেইবাবাৰো বাতৰি সম্প্ৰচাৰ হৈছে যদিও গা লৰা নাই জিলা প্ৰশাসনৰ স্থানীয় গো-পালক সকলৰ চৰকাৰলৈ অনুৰোধ ৰাক্ষসিনী চৰৰ বিশাল ভূমি দৰা সন্দেহযুক্ত নাগৰিকৰ হাতৰ পৰা মোকলাই দি গৰু মহ চৰাব পৰা কৰি দিয়ে যেন ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande