
কামৰূপ, ০৮ নৱেম্বৰ (হি.স.)। হাজো আৰক্ষী থানাত চুৰি হোৱা গৰু বিচাৰি হেতা-ওপৰা।দীর্ঘ দিন ধৰি হাজোৰ বিভিন্ন অঞ্চলত গৰু চোৰে সৃষ্টি কৰি আহিছে সন্ত্ৰাসৰ। হাজো আৰক্ষী থানাৰ পৰিদৰ্শক ৰূপম হাজৰিকাৰ নেতৃত্বত চোৰাং গৰুৰ বিৰুদ্ধে বৃহৎ অভিযান। হাজোৰ দেহৰ কুৰিহা আৰু বুল্লুট বজাৰৰ পৰা উদ্ধাৰ চাৰিটাকৈ চোৰাং গৰু । আৰক্ষীৰ অভিযানৰ কথা জানিব পাৰি পলায়ন কৰে গৰু চোৰৰ চক্ৰটো।নিজৰ চুৰি হোৱা গৰু বিচাৰি পুৱাৰে পৰা হাজো আৰক্ষী থানাত ভিৰ কৰিছে বিভিন্ন জনে। গৰু চোৰৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে হাজো আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ