
দৰং, ০৮ নৱেম্বৰ (হি.স.)। অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ প্ৰতি দৈনিক বিভিন্ন ৰূপত শ্ৰদ্ধাঞ্জলি জনাই আহিছে জনতাই। ছিপাঝাৰৰ ঐতিহাসিক বুঢ়া আঞ্চলিক ৰাস মহোৎসৱত মৃণ্ময় মূৰ্তিৰে শ্ৰীকৃষ্ণৰ ৰাসলীলা উপস্থাপন কৰাৰ লগতে মহাপ্ৰয়াণ হোৱা শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিও সংযোজন কৰিছে ৰাস সমিতিয়ে। ৰাসস্থলীত সংযোজন কৰা জুবিন গাৰ্গৰ এনে প্ৰতিমূৰ্তি স্থাপন কৰি প্ৰাণৰ শিল্পী গৰাকীক প্ৰাণৱন্ত কৰাৰ প্ৰয়াস চলাইছে ৰাস সমিতিয়ে।
উল্লেখ্য় যে অসমী আইৰ বুকু শুদা কৰি অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গৰ ছিংগাপুৰত ১৯ ছেপ্টেম্বৰত ৰহস্য়জনক মৃত্য়ু হয়। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীৰ শোকত ভাগি পৰা অসমবাসীয়ে ঘৰে ঘৰে, চুবুৰীয়ে চুবুৰীয়ে পাতিছে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা। অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শোক সমদল ইত্যাদি। লগতে জুবিনৰ স্মৃতি যুগমীয়া কৰিবলৈ গ্ৰহণ কৰিছে বিভিন্ন ধৰণৰ ব্যতিক্ৰমী পদক্ষেপ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা