বিশেষভাৱে সক্ষম শিশুৰ উৎকৰ্ষ সাধনৰ বাবে কলিয়াবৰত বিদ্যালয়ৰ শুভাৰাম্ভণি
বিশেষভাৱে সক্ষম শিশুৰ উৎকৰ্ষ সাধনৰ বাবে কলিয়াবৰত বিদ্যালয়ৰ শুভাৰাম্ভণি।
বিশেষভাৱে সক্ষম শিশুৰ উৎকৰ্ষ সাধনৰ বাবে কলিয়াবৰত বিদ্যালয়ৰ শুভাৰাম্ভণি


নগাঁও, ০৮ নৱেম্বৰ (হি.স.): বিশেষভাৱে সক্ষম শিশুৰ উৎকৰ্ষ সাধনৰ বাবে কলিয়াবৰত বিদ্যালয়ৰ শুভাৰাম্ভণি কৰা হয়। বয়স অনুপাতে চিন্তা- চৰ্চা, ধ্যান- ধাৰণা বিকাশহীন শিশুসকলৰ উৎকৰ্ষ সাধনৰে মানৱ সম্পদৰূপে গঢ় দিয়াৰ লক্ষ্যৰে কলিয়াবৰত শুভাৰাম্ভ হ'ল ‘বেদায়ম’ (Vedayam) নামৰ এক শৈক্ষিক প্ৰতিষ্ঠানৰ।

কলিয়াবৰৰ নসত্ৰত স্থাপন কৰা হয় শিক্ষা প্ৰতিষ্ঠান খন। প্ৰতিষ্ঠানটোৰ জৰিয়তে বয়স অনুসাৰে মানসিক অথবা মগজুৰ বিকাশ নোহোৱা শিশুসকলৰ সামগ্ৰিক বিকাশ, উৎকৰ্ষ সাধনৰ প্ৰচেষ্টটাত আত্মনিয়োগ কৰিব বেদায়মৰ কৰ্ম- কৰ্ত্তাসকলে। বেদায়ম শিক্ষানুষ্ঠান খনি আনুষ্ঠানিকভাৱে মুকলি কৰে সমাজকৰ্মী মনিমাধৱ মহন্তই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande