ডিব্ৰুগড়ত ঐক্যতাৰ পদযাত্ৰা
ডিব্ৰুগড়, ০৮ নৱেম্বৰ (হি.স.)। লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ বছৰীয়া জন্ম বাৰ্ষিকী উপলক্ষে এক ভাৰত আত্ম নিৰ্ভৰ ভাৰত, শ্ৰেষ্ঠ ভাৰত মন্ত্ৰৰে আজি সমগ্ৰ দেশতে অনুস্থিত কৰা হয় ঐক্যতাৰ পদযাত্ৰা। ডিব্ৰুগড়তো জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা
ডিব্ৰুগড়ত ঐক্যতাৰ পদযাত্ৰা


ডিব্ৰুগড়, ০৮ নৱেম্বৰ (হি.স.)। লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ বছৰীয়া জন্ম বাৰ্ষিকী উপলক্ষে এক ভাৰত আত্ম নিৰ্ভৰ ভাৰত, শ্ৰেষ্ঠ ভাৰত মন্ত্ৰৰে আজি সমগ্ৰ দেশতে অনুস্থিত কৰা হয় ঐক্যতাৰ পদযাত্ৰা। ডিব্ৰুগড়তো জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই পদযাত্ৰা।

ডিব্ৰুগড় চৌকিডিঙী খেলপথাৰৰ পৰা আৰম্ভ কৰি হাইস্কুল খেলপথাৰত সমাপ্ত হয় এই যাত্ৰা। এই পদযাত্ৰাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তেখেতৰ লগতে মন্ত্ৰী বিমল বৰা, প্ৰসান্ত ফুকন, কেইবাগৰাকী বিধায়ক উপস্থিত থাকে। যাত্ৰাৰ পূৰ্বে তেওঁ চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি উপস্থিত লোক সকলক সম্বোধি বক্তব্য ৰাখে।

উল্লেখ্য যে ১৮৭৫ চনৰ ৩১ অক্টোবৰত জন্মলাভ কৰা চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তী ভাৰতত ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয় । চৰ্দাৰ বল্লভভাই পেটেল আছিল ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী। তেওঁ সকলো ৰাজ্যক একত্ৰিত কৰি এখন দেশত পৰিণত কৰিছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত ৩১ অক্টোবৰ দিনটোক ৰাষ্ট্ৰীয় একাত দিৱস হিচাপে ঘোষণা কৰিছিল আৰু 'একতাৰ বাবে দৌৰ' শীৰ্ষক মাৰাথন দৌৰৰ আয়োজন কৰিছিল ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande