
বেংগালুৰু, ০৮ নৱেম্বৰ (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ মুৰব্বী সৰসংঘচালক ডা০ মোহন ভাগৱতে শনিবাৰে কয় যে মুছলমান আৰু খ্ৰীষ্টান সকলোৰে উমৈহতীয়া পূৰ্বপুৰুষ আৰু পৰম্পৰাগত চিন্তাধাৰা একে হোৱাৰ পিছতো ইচ্ছাকৃতভাৱে তেওঁলোকক হিন্দুৰ পৰা পৃথক বুলি বিপথে পৰিচালিত কৰা হৈছে। তেওঁ এনে বহুতো মুছলমান আৰু খ্ৰীষ্টানক লগ পাইছে যিয়ে আনকি নিজৰ গোত্ৰও প্ৰকাশ কৰে।
ডা° ভাগৱতে আৰ এছ এছৰ শতবৰ্ষৰ অংশ হিচাপে আয়োজন কৰা দুদিনীয়া বক্তৃতা শৃংখলা (৮ আৰু ৯ নৱেম্বৰ)ত ভাষণ দি আছিল। ইয়াৰ আয়োজন কৰা হৈছিল বেংগালুৰুৰ বনশংকৰীৰ হোছাকাৰেহল্লী ৰিং ৰোডৰ পি ই এছ বিশ্ববিদ্যালয়ত। প্ৰথম দিনাই বিভিন্ন ৰাজ্যৰ প্ৰায় ১২০০ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ শুভাৰম্ভ বন্দে মাতৰমৰ পৰা আৰম্ভ হয়।
সৰসংঘচালক ডা০ ভাগৱতে কয় যে ভাৰত এখন হিন্দু ৰাষ্ট্ৰ আৰু হিন্দু হোৱা মানেৰাষ্ট্ৰৰ প্ৰতি দায়বদ্ধ হোৱা। তেওঁ কয় যে বৈচিত্ৰ্যক সন্মান জনাই ঐক্য বজাই ৰখাটোৱেই ভাৰতৰ সৌন্দৰ্য । বৈচিত্ৰ্য আমাৰ অলংকাৰ। তেওঁ কয়, “হিন্দু হোৱাৰ বাবে ভাৰতৰ বাবে আমি দায়বদ্ধ।” (বিয়িং হিন্দু, আই ৰিছপনছিবল ফৰ ভাৰত)। ভাৰত এখন হিন্দু ৰাষ্ট্ৰ, সংঘৰ কাম হৈছে এই মনোভাৱক শক্তিশালী কৰা। সংঘ আজি প্ৰসাৰিত হৈছে, কিন্তু আমি সন্তুষ্ট নহয়। আমাৰ উদ্দেশ্য সমগ্ৰ সমাজখনক একত্ৰিত কৰা।
ডা° ভাগৱতে কয় যে বছৰ বছৰ ধৰি সংঘৰ বিৰুদ্ধে বহু কথা কোৱা হৈছে যদিও বিৰোধী কেৱল মৌখিকভাৱেহে থাকিল, হৃদয়ত নহয়। আমি যেতিয়া সমাজত ঘূৰি ফুৰিছিলো তেতিয়া কোনো বিৰোধিতা পোৱা নাছিলো। আমি সেৱা কৰিবলৈ আহিছো, এতিয়া সমাজে আমাক বিশ্বাস কৰিছে। তেওঁ কয় যে বিৰোধীও আমাৰ বাবে উপযোগী, ঠিক যেনেকৈ সমালোচকক ওচৰত ৰাখিব লাগে।
সংঘৰ স্বৰূপৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি তেওঁ কয় যে এই সংগঠনটো অনন্য, আন কোনো সংগঠনৰ তুলনাত অতুলনীয়। তেওঁ কয় যে কোনো ধৰণৰ প্ৰতিক্ৰিয়াৰ পৰাই সংঘৰ জন্ম হোৱা নাই। ১৮৫৭ চনৰ বিপ্লৱৰ পিছত এই কথা বিবেচনা কৰা হৈছিল যে সামান্য জনে কেনেদৰে আমাৰ ওপৰত শাসন কৰি আহিছে । ডা° কেশৱৰাও বলিৰাম হেডগেৱাৰো ইয়াৰ লগত জড়িত আছিল। ড° হেডগেৱাৰে ১৯১৬-১৭ চনত এই দিশত পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰে আৰু ১৯২৫ চনত সংঘৰ উত্থান ঘটে। ১৯৩৯ চনলৈকে কাৰ্যকৰ্তাসকলে ইয়াক প্ৰমাণিত আৰ্হি হিচাপে গ্ৰহণ কৰিছিল।
আৰ এছ এছৰ মুৰব্বী ডা০ ভাগৱতে ব্যক্তিগত আৰু ৰাষ্ট্ৰীয় দুয়োটা চৰিত্ৰ অপৰিহাৰ্য বুলি উল্লেখ কৰে। এই ধাৰণাটোৰ ফলত শাখা পৰম্পৰাৰ সৃষ্টি হ’ল—এঘণ্টীয়া অনুশীলনৰ জৰিয়তে ব্যক্তি আৰু সমাজ উভয়কে গঢ়ি তোলা। মন কৰিবলগীয়া যে ২০২৫ চনৰ ২ অক্টোবৰত সংঘই শতবৰ্ষ সম্পূৰ্ণ কৰে। শতবৰ্ষৰ সময়ছোৱাত সমগ্ৰ দেশতে বক্তৃতা শৃংখলা, যুৱ সন্মিলন, সামাজিক সম্প্ৰীতি কাৰ্যসূচী, আলোচনা শৃংখলাৰ আয়োজন কৰা হৈছে, যাৰ লক্ষ্য হৈছে সমাজৰ সকলো শ্ৰেণীকে ৰাষ্ট্ৰীয় একতাৰ ডোলেৰে একত্ৰিত কৰা।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া