চাবুৱাৰ চুঙি চুকৰ বাইপাছত ভয়ংকৰ দুৰ্ঘটনা
চাবুৱাৰ চুঙি চুকৰ বাইপাছত ভয়ংকৰ দুৰ্ঘটনা।
চাবুৱাৰ চুঙি চুকৰ বাইপাছত ভয়ংকৰ দুৰ্ঘটনা


তিনিচুকীয়া, ০৮ নৱেম্বৰ (হি.স.): তিনিচুকীয়া জিলাৰ চাবুৱাৰ চুঙি চুকৰ বাইপাছত যোৱা কালি শুকুৰবাৰে নিশা এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। চহৰৰ বাইপাছত তীব্ৰ বেগত অহা এখন বাহনে মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হয় এগৰাকী মহিলা ।

এই সন্দৰ্ভত চাবুৱা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। বাতৰি কৰা সময়লৈকে মৃত মহিলা গৰাকীৰ চিনাক্ত কৰিব পৰা নাই। ইফালে মহিলা গৰাকীক খুন্দা মৰা বাহন খন পলাই যাবলৈ সক্ষম হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande