
কাৰ্বি আংলং, ০৮ নৱেম্বৰ (হি.স.): কাৰ্বি আংলং জিলাৰ ন-মাটি পৰিষদীয় সমষ্টিৰ অক্-কেৰেং দীঘলপানী গাঁৱৰ বৰ নামঘৰৰ প্ৰাংগণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱৰ যোৱা কালি শুকুৰবাৰৰ নিশা সফল সামৰণি পৰে । ন-মাটি সমষ্টিৰ অক্-কেৰেং দীঘলপানী আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা অনুষ্ঠানটিৰ অন্তিম দিনাৰ কাৰ্যসূচীত এখনি অংকীয়া নাট ক্ষেত্ৰবাহু মঞ্চস্থ কৰা হয় ।
ইপিনে দীঘলীআটিৰ নিৱাসী পদ্মকান্ত শৰ্মাই উক্ত ক্ষেত্ৰবাহু অংকীয়া নাট খনত অনুবল চৰিত্ৰত অভিনয় কৰি দৰ্শক ৰাইজক আপ্লুত কৰি তুলে ।বহু হাজাৰ দৰ্শক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা ক্ষেত্ৰবাহু অংকীয়া নাট উপভোগ কৰি অক্-কেৰেং দীঘলপানী ৰাইজে আনন্দত আত্মহাৰা হৈ পৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ