জৈন ধৰ্মৰ নীতিসমূহ মানৱতা আৰু বিশ্ব শান্তিৰ পথ প্ৰদৰ্শক: উপ-ৰাষ্ট্ৰপতি
নতুন দিল্লী, ০৮ নৱেম্বৰ (হি.স.)। উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে কয় যে জৈন ধৰ্মৰ অহিংসা, সত্য, অ-অধিকাৰ, বহুত্ববাদৰ নীতি ভাৰতীয় সংস্কৃতিৰ আত্মা, যিয়ে মহাত্মা গান্ধীক কেৱল অনুপ্ৰাণিত কৰাই নহয়, বিশ্ব শান্তি আৰু মানৱতাক পথ প্ৰদৰ্শন কৰি আহিছে। উপ
सीपी राधाकृष्णन


নতুন দিল্লী, ০৮ নৱেম্বৰ (হি.স.)। উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে কয় যে জৈন ধৰ্মৰ অহিংসা, সত্য, অ-অধিকাৰ, বহুত্ববাদৰ নীতি ভাৰতীয় সংস্কৃতিৰ আত্মা, যিয়ে মহাত্মা গান্ধীক কেৱল অনুপ্ৰাণিত কৰাই নহয়, বিশ্ব শান্তি আৰু মানৱতাক পথ প্ৰদৰ্শন কৰি আহিছে।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে শনিবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত জৈন আচাৰ্য হন্সৰত্ন সুৰিশ্বৰজী মহাৰাজৰ অষ্টম ১৮০ দিনীয়া ব্ৰত সমাপ্তি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে । তেওঁ কয় যে নিৰামিষ, কৰুণা, সংযমৰ ওপৰত ভিত্তি কৰি জৈন ধৰ্মৰ জীৱনশৈলী সমগ্ৰ বিশ্বতে পৰিৱেশ সুৰক্ষাৰ প্ৰতীক হৈ পৰিছে। নিজৰ অভিজ্ঞতা ব্যক্ত কৰি তেওঁ কয় যে কাশী ভ্ৰমণৰ পিছত তেওঁ ২৫ বছৰ পূৰ্বে নিৰামিষভোজ গ্ৰহণ কৰিছিল, যাৰ ফলত সকলো জীৱৰ প্ৰতি নম্ৰতা আৰু প্ৰেমৰ ভাৱ গঢ় লৈ উঠিছিল।

প্ৰাকৃতক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা আৰু ‘জ্ঞান ভাৰতম মিছন’ৰ জৰিয়তে জৈন পাণ্ডুলিপি সংৰক্ষণ কৰি থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত চৰকাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰে ৰাধাকৃষ্ণনে। তামিলনাডুত জৈন ধৰ্মৰ ঐতিহাসিক উপস্থিতি আৰু তামিল সাহিত্যৰ ওপৰত ইয়াৰ গভীৰ প্ৰভাৱৰ কথা উল্লেখ কৰি তেওঁ কয় যে ‘চিলাপ্পতিকাৰম’, ‘পেৰুংগথাই’, ‘তিৰুক্কুৰাল’ আদি গ্ৰন্থই জৈন দৰ্শনৰ মনোভাৱ প্ৰতিফলিত কৰে।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আচাৰ্য হন্সৰত্ন সুৰিশ্বৰজী মহাৰাজৰ সংস্কৃতি বচাওক, পৰিয়াল বচাওক, জাতি গঢ়ি তোলক অভিযানক প্ৰশংসা কৰি কয় যে ই সমাজক মূল্যবোধ, পৰিয়াল আৰু ৰাষ্ট্ৰ-নিৰ্মাণৰ দিশত অনুপ্ৰাণিত কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande