
নতুন দিল্লী, ০৮ নৱেম্বৰ (হি.স.)। সংসদীয় শীতকালীন অধিৱেশন ১ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ অনুষ্ঠিত হব। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে শনিবাৰে প্ৰকাশ কৰিছে।
এক্স-পোষ্টত প্ৰকাশ কৰা এক বিবৃতিত কিৰেন ৰিজিজুৱে কয় যে, ২০২৫ চনৰ ১ ডিচেম্বৰৰ পৰা ২০২৫ চনৰ ১৯ ডিচেম্বৰলৈকে সংসদৰ শীতকালীন অধিবেশন (সংসদীয় কামৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি) অনুষ্ঠিত কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে। আমি আমাৰ গণতন্ত্ৰক শক্তিশালী কৰা আৰু জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰা গঠনমূলক আৰু ফলপ্ৰসূ অধিবেশনৰ বাবে আগ্ৰহী।
हिन्दुस्थान समाचार / অৰৱিন্দ