
কামৰূপ, ০৮ নৱেম্বৰ (হি.স.): কামৰূপ জিলাৰ বকো ছয়গাঁও সমষ্টিৰ অন্তৰ্গত নগৰবেৰাত যোৱা কালি শুকুৰবাৰৰ সন্ধিয়া নগৰবেৰা আৰক্ষী থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক লোকে । জানিব পৰা মতে, নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱস্থলীত সন্ধিয়া কামৰূপ জিলাৰ উপ আৰক্ষী অধীক্ষক দীপক শৰ্মাই উপস্থিত হৈ এক সন্ত্ৰাসৰ সৃষ্টি কৰে।
অভিযোগ অনুসৰি, উপ আৰক্ষী অধীক্ষক দীপক শৰ্মাই ৰাস মহোৎসৱস্থলীত থকা বিভিন্ন বিপনীত প্ৰৱেশ কৰি দাবী ধমকি দিয়াৰ লগতে একাংশ এনে ব্যৱসায়ীৰ পৰা তেওঁৰ গাড়ী চালকৰ জৰিয়তে ধন সংগ্ৰহ কৰিছে। ইয়াৰোপৰি আৰক্ষী বিষয়া গৰাকীয়ে কেইবাখন বিপনীৰ ক্ষতিসাধনো কৰাৰ অভিয়োগ উত্থাপিত হৈছে।
ঐতিহ্যমণ্ডিত নগৰবেৰা ৰাস মহোৎসৱ উদযাপন সমিতিৰ সৈতে কোনো কথা নাপাতি ৰাসস্থলীত উপ আৰক্ষী অধীক্ষকক দীপক শৰ্মাই এনেদৰে তাণ্ডৱ ও সন্ত্ৰাসৰ সৃষ্টি কৰা বিষয়টোত তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে উদযাপন সমিতিৰ লগতে সৰ্বসাধাৰণ লোকে। আৰক্ষী বিষয়া গৰাকীক এনে অনাকাংক্ষিত কৰ্মকাণ্ডত ক্ষুব্ধ হৈ ৰাস মহোৎসৱ সমিতিৰ বিষয়ববীয়াৰ উপৰিও কেইবাশ লোকে নগৰবেৰা আৰক্ষী থানা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ক্ষুব্ধ লোকসকলে আৰক্ষী বিষয়া দীপক শৰ্মা মুৰ্দাবাদ, ৰাস মহোৎসৱস্থলীত আৰক্ষীৰ গুণ্ডাগিৰি নচলিব, আৰক্ষীৰ মৈমতালি বন্ধ কৰক আদি শ্ল'গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
পৰিস্থিতিৰ বিষয়ে কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া অৱগত হৈ ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি, প্ৰধান সম্পাদকৰ লগতে অন্যান্য বিষয়ববীয়াৰ সৈতে টেলিফোন যোগে যোগাযোগ কৰি ঘটনাৰ বুজ লোৱাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে, উপ-আৰক্ষী অধীক্ষক দীপক শৰ্মাৰ এই নিন্দনীয় কৰ্মকাণ্ডৰ ওপৰত অহাকালি ৰাস মহোৎসৱ উদযাপন সমিতিৰ সৈতে এক আলোচনাত মিলিত হৈ এক সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে উপ আৰক্ষী অধীক্ষক গৰাকীৰ বিৰুদ্ধে প্ৰয়োজনীয় সকলো ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষক গৰাকীয়ে । এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ