
কোকৰাঝাৰ, ০৮ নৱেম্বৰ (হি.স.): কোকৰাঝাৰৰ হাতীধুৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হৈছে। যোৱা কালি শুকুৰবাৰে সন্ধিয়া ছাত্ৰ একতা সভাৰ নিৰ্বাচনত মনোনয়ন পত্ৰ দাখিল কৰা ইউ ডি এছ এফ দলে তামাৰহাট প্ৰেছ ক্লাবত সংবাদ মেল অনুষ্ঠিত কৰি কৰে কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰল হৈ পৰে।
।ইউ ডি এছ এফ-ৰ মতে চাৰি নবেম্বৰ তাৰিখে সময় মতে মনোনয়ন পত্ৰ দাখিল নকৰা প্ৰাৰ্থীৰ মনোনয়ন বাতিল নকৰি মনোনয়ন বৈধ বুলি ঘোষণা কৰাৰ পিছতে কলেজ কৰ্তৃপক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠে দলটোৱে।
ইতিমধ্যে দলটোৱে মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু ৰিটাৰ্নিং বিষয়াৰ নামত তামাৰহাট থানাত এখন এজাহাৰ দাখিল কৰে। লগতে ইউ ডি এছ এফে ধুবুৰী জিলা আয়ুক্ত আৰু ধুবুৰী আৰক্ষী অধিক্ষক ঘটনা সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰে। এন এছ ইউ আই, এ বি ভি পি, ইউ ডি এছ এফ আৰু সচেতন যুৱ ছাত্ৰ সমাজ এই চাৰিটা দলে নিৰ্বাচনত অংশগ্ৰহণ কৰে।
উল্লেখ্য যে যোৱা চাৰি নবেম্বৰ তাৰিখ আছিল মনোনয়ন পত্ৰ দাখিলৰ দিন। ইউ ডি এছ এফ আৰু সচেতন যুৱ ছাত্ৰ সমাজে সময় মতে দাখিল কৰিছিল মনোনয়ন। বাকী দুটা দলে সময় মতে মনোনয়ন পত্ৰ দাখিল কৰিব নোৱাৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । মনোনয়ন পত্ৰ দাখিল কৰিব নোৱাৰা এন এছ ইউ আই আৰু এ বি ভি পি ৰ সমৰ্থনত থকা ছাত্ৰ ছাত্ৰী সকলে মহাবিদ্যালয় চৌহদতে এক হুলুস্থলীয়া পৰিবেশৰ সৃষ্টি কৰে । নিৰ্বাচন ছেল কক্ষত কোনোবাই তলা ওলোমাই দিয়ে। ঘটনা স্থলিত তামাৰহাট আৰক্ষী, দণ্ডাধীশ আহি উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰু তদন্ত ক্ৰমে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দণ্ডাধীশে নিৰ্দেশ দিয়ে যদিও কোনো তদন্ত নকৰাকৈ মহাবিদ্যালয় কৰ্তৃপক্ষই তলা ভাঙিবলৈ চেষ্টা কৰে । যি গৰাকী অধ্যক্ষই নিৰ্বাচনৰ বিধি মতে কাম কৰাৰ কথা কয় সেই গৰাকী অধ্যক্ষই সকলো প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বাহাল ৰাখি জাননি দিয়াৰ পিছতেই জাঙুৰ খাই উঠে ইউ ডি এছ এফ দল। কি স্বাৰ্থত মহাবিদ্যালয় কৰ্তৃপক্ষই নিৰ্বাচনী বিধি উলংঘা কৰিলে তাৰে ন্যায়ৰ দাবীত দলটোৱ আইনৰ আশ্ৰয় গ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ