আজি বাৰাণসীত প্ৰধানমন্ত্ৰী মোদীয়ে শুভাৰম্ভ কৰিব চাৰিখন নতুন বন্দে ভাৰত ৰে’ল
নতুন দিল্লী, ০৮ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীত উপস্থিত হৈ ইয়াৰ পৰা চাৰিখন নতুন বন্দে ভাৰত ৰে’লৰ শুভাৰম্ভ কৰিব। নতুন বন্দে ভাৰত ৰে’লে যাত্ৰাৰ সময় হ্ৰাস কৰিব, আঞ্চলিক গতিশীলতা বৃদ্ধি কৰিব আৰু কেইবাখ
भारतीय जनता पार्टी ने प्रधानमंत्री नरेन्द्र मोदी के वाराणसी दौरे का कार्यक्रम एक्स पर साझा किया है।


নতুন দিল্লী, ০৮ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীত উপস্থিত হৈ ইয়াৰ পৰা চাৰিখন নতুন বন্দে ভাৰত ৰে’লৰ শুভাৰম্ভ কৰিব। নতুন বন্দে ভাৰত ৰে’লে যাত্ৰাৰ সময় হ্ৰাস কৰিব, আঞ্চলিক গতিশীলতা বৃদ্ধি কৰিব আৰু কেইবাখনো ৰাজ্যৰ পৰ্যটন আৰু বাণিজ্য বৃদ্ধি কৰিব। এক আনুষ্ঠানিক বিবৃতি অনুসৰি দেশৰ আধুনিক ৰে’ল আন্তঃগাঁথনি সম্প্ৰসাৰণৰ দিশত এইবোৰ এক উল্লেখযোগ্য পদক্ষেপ হ’ব।

প্রকাশ কৰা তথ্য অনুসৰি প্রধানমন্ত্রীয়ে পুৱা প্রায় ৮:১৫ বজাত বাৰাণসী ভ্রমণ কৰিব ৷ এই ভ্ৰমণৰ সময়ত তেওঁ চাৰিখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ শুভাৰম্ভ কৰিব। বিশ্বমানৰ ৰে’ল সেৱাৰ জৰিয়তে নাগৰিকসকলক মসৃণ, দ্ৰুত, আৰু অধিক আৰামদায়ক যাত্ৰাৰ সুবিধা প্ৰদানৰ প্ৰধানমন্ত্ৰীৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত এয়া আন এক উল্লেখযোগ্য কৃতিত্ব।

বাৰাণসী-খাজুৰাহো, লক্ষ্ণৌ-চাহাৰানপুৰ, ফিৰোজপুৰ-দিল্লী, আৰু এৰ্নাকুলাম-বেংগালুৰুৰ মাজত চলিব নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল। বাৰাণসী-খাজুৰাহো বন্দে ভাৰতে বৰ্তমান চলি থকা বিশেষ ৰে’লৰ তুলনাত প্ৰায় দুঘণ্টা ৪০ মিনিট সময় ৰাহি কৰিব। ই দেশৰ কিছুমান শ্ৰদ্ধাৰ ধৰ্মীয় আৰু সাংস্কৃতিক স্থান বাৰাণসী, প্ৰয়াগৰাজ, চিত্ৰকূট, আৰু খাজুৰাহোক সংযোগ কৰিব। খাজুৰাহোক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে।

লক্ষ্ণৌ-চাহাৰনপুৰ বন্দে ভাৰতে প্ৰায় সাত ঘণ্টা ৪৫ মিনিটত যাত্ৰা সম্পূৰ্ণ কৰিব, যাৰ ফলত প্ৰায় এঘণ্টাৰ যাত্ৰাৰ সময় ৰাহি হ’ব। ইয়াৰ ফলত লক্ষ্ণৌ, সীতাপুৰ, শ্বাহজাহানপুৰ, বৰেলী, মোৰাদাবাদ, বিজনোৰ, আৰু চাহাৰনপুৰৰ পৰা অহা যাত্ৰীসকলে যথেষ্ট উপকৃত হ’ব আৰু ৰুৰকী হৈ হৰিদ্বাৰলৈ যোৱাৰ সুবিধাও উন্নত হ’ব। এই সেৱাই মধ্য আৰু পশ্চিম উত্তৰ প্ৰদেশত মসৃণ আৰু দ্ৰুত আন্তঃনগৰ ভ্ৰমণ নিশ্চিত কৰি সংযোগ আৰু আঞ্চলিক উন্নয়ন বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

ফিৰোজপুৰ-দিল্লী বন্দে ভাৰত এই পথৰ আটাইতকৈ দ্ৰুততম ৰে’ল হ’ব, মাত্ৰ ছয় ঘন্টা ৪০ মিনিটত যাত্ৰা সম্পূৰ্ণ কৰিব। ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী আৰু পঞ্জাৱৰ ডাঙৰ চহৰ যেনে ফিৰোজপুৰ, বাথিণ্ডা, আৰু পাটিয়ালাৰ মাজত সংযোগ শক্তিশালী হ’ব। এই ৰে’লখনে বাণিজ্য, পৰ্যটন, আৰু কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

দক্ষিণ ভাৰতৰ এৰ্নাকুলাম-বেংগালুৰু বন্দে ভাৰত এক্সপ্ৰেছৰ যাতায়তৰ সময় দুঘণ্টাৰো অধিক হ্ৰাস কৰিব, যাতায়তৰ সময় সম্পূৰ্ণ হ’বলৈ ৮ ঘণ্টা ৪০ মিনিট সময় লাগিব। এই বন্দে ভাৰত এক্সপ্ৰেছৰ দ্বাৰা প্ৰধান তথ্য-প্ৰযুক্তি আৰু বাণিজ্যিক কেন্দ্ৰসমূহ সংযোগ কৰা হ’ব। এই পথটোৱে কেৰালা, তামিলনাডু আৰু কৰ্ণাটকৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু পৰ্যটনক উন্নীত কৰিব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande