
নতুন দিল্লী, ০৮ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া প্ৰায় ৫ বজাত ভাৰতৰ উচ্চতম ন্যায়ালয়ত আইনী সাহায্য প্ৰদান ব্যৱস্থা শক্তিশালী কৰা শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। ইয়াৰ উপৰিও তেওঁ ৰাষ্ট্ৰীয় আইনী সেৱা কৰ্তৃপক্ষৰ কমিউনিটি মিডিয়েচন ট্ৰেইনিং মডিউল মুকলি কৰিব বুলি এক আনুষ্ঠানিক বিবৃতিত প্ৰকাশ পাইছে।
প্ৰকাশ কৰা তথ্য অনুসৰি ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিব। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ তত্বাৱধানত আয়োজিত এই দুদিনীয়া সন্মিলনত আইনী সেৱাৰ আন্তঃগাঁথনিৰ মূল দিশসমূহ, যেনে আইনী সাহায্য পৰামৰ্শ ব্যৱস্থা, পেনেল উকীল, পেৰালিগেল স্বেচ্ছাসেৱক, স্থায়ী লোক আদালাট, আইনী সেৱা প্ৰতিষ্ঠানসমূহৰ বিত্তীয় ব্যৱস্থাপনা আদিৰ ওপৰত আলোচনা-বিলোচনা কৰা হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ