প্ৰধানমন্ত্ৰী মোডী, ৰাজনাথ সিং আৰু অমিত শ্বাহৰ আজি বিহাৰত বৃহৎ নিৰ্বাচনী সভা
নতুন দিল্লী, ০৮ নৱেম্বৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ তিনিজন বিশিষ্ট নেতা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি বিহাৰত নিৰ্বাচনী খেলপথাৰত ৰণশিঙা বজাব। বিজেপি নেতৃত্বাধীন ৰাষ
भाजपा ने प्रधानमंत्री नरेन्द्र मोदी के चुनाव प्रचार कार्यक्रम को एक्स पर साझा किया है।


নতুন দিল্লী, ০৮ নৱেম্বৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ তিনিজন বিশিষ্ট নেতা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি বিহাৰত নিৰ্বাচনী খেলপথাৰত ৰণশিঙা বজাব। বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ চলাই বিভিন্ন অঞ্চলত ৰাজহুৱা সভাত ভাষণ দিব তিনি তাৰকা প্ৰচাৰকসকলে। বিজেপিয়ে এই নেতাসকলৰ প্ৰচাৰৰ সময়সূচী এক্সত শ্বেয়াৰ কৰিছে।

বিজেপি এক্সৰ এটা হেণ্ডেল পোষ্টৰ মতে, প্ৰধানমন্ত্ৰী মোদীয়ে সীতামঢ়িত পুৱা ১১ বজাত আৰু বেটিয়াত ১ বজাত বৃহৎ নিৰ্বাচনী সভাত ভাষণ দিব । আজি অমিত শ্বাহে তিনিটা স্থানত প্ৰচাৰ চলাব। প্ৰথমে পূৰ্ণিয়া ১১:১৫ বজাত, কাটিহাৰ ১:৪৫ বজাত আৰু শেষত সুপৌলত ২:১৫ বজাত জনসভাত অংশগ্ৰহণ কৰিব।

আনহাতে ৰাজ্যৰ তিনিটা স্থানত ভোটাৰক সম্বোধন কৰিব ৰাজনাথ সিঙে। সিঙে দিনৰ ১২:২৫ বজাত কাৰাকাট বিধান সভা সমষ্টি (ৰোহতাছ)ত, দিনাৰা বিধান সভা সমষ্টিত (ৰোহতাছ) দিনৰ ১:৪৫ বজাত আৰু ৰামগড় বিধান সভা সমষ্টি (কাইমুৰ)ত বিয়লি ৩:০৫ বজাত ৰাজহুৱা সভাত ভাষণ দিব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande