
গোৱালপাৰা, ০৮ নৱেম্বৰ (হি.স.): মাধ্যম আন্দোলনৰ পঞ্চম শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ মৃত্যু দিৱস ৯ নৱেম্বৰ দিনটো বিগত বৰ্ষৰ দৰে এইবাৰো কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে শ্বহীদ দিৱস উদযাপনৰ আয়োজন কৰা হৈছে। শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰি অহা সদৌ অসম কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতা এইবাৰো অনুষ্ঠিত কৰা হয়। অসমৰ বিভিন্ন প্ৰান্তৰ শতাধিক মাৰাথন খেলুৱৈয়ে এই দৌৰত অংশগ্ৰহণ কৰে।
কলিয়াবৰৰ জ্যেষ্ঠ সাংবাদিক গোলাপ শইকীয়াই ফ্লেগ অফ কৰে এই মাৰাথন দৌৰ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে গোলাঘাটৰ তীখেশ্বৰ কুৰ্মী, দ্বিতীয় স্থান দখল কৰে বৰপেটাৰ ৰফিক আলি আৰু তৃতীয় স্থান দখল কৰে মৰিগাঁৱৰ সূৰ্য্য দাসে। প্ৰতিযোগিতাৰ বিজয়ী সকলক সন্মানিত কৰাৰ লগতে এই দৌৰত অংশগ্ৰহণ কৰি সফল কৰি তোলাৰ বাবে অংশগ্ৰহণকাৰী সকলৰ প্ৰতি কৃতজ্ঞতা ব্যক্ত কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ