
নলবাৰী, ০৮ নৱেম্বৰ (হি.স.)। নলবাৰীত এগৰাকী ছাত্ৰ নিখোজ হৈ পৰিছে। নলবাৰীৰ কৈঠালকুছি সনোৰাত সংঘটিত হৈছে এই ঘটনা। নিৰুদ্দিষ্ট ছাত্ৰ জনৰ নাম কৰণ বৰ্মন বুলি জানিব পৰা গৈছে।
কৈঠালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ আছিল কৰণ বৰ্মন। কালি আবেলি ট্ৰিউচনলৈ যোৱাৰ পিছৰ পৰা নিখোজ হৈ আছে ছাত্ৰ গৰাকী। এই সন্দৰ্ভত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰিছে যদিও ছাত্ৰ জনৰ কোনো সম্ভেদ পোৱা নাই।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা