ডিফুত মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰ্যালোচনা বৈঠক
ডিফুত মন্ত্ৰী পীযুষ হাজৰিকা।
ডিফুত মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰ্যালোচনা বৈঠক


কাৰ্বি আংলং, ০৮ নৱেম্বৰ (হি.স.): কাৰ্বি আংলং জিলাৰ সদৰ ডিফুত শুক্ৰবাৰে উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা। শুক্ৰবাৰে সন্ধিয়া মন্ত্ৰী গৰাকী ডিফুৰ তাৰালাংছ পিপ'লছ হল প্ৰকল্পত উপস্থিত হয়।

ইফালে নিশাই মন্ত্ৰী পীযুষ হাজৰিকাই দলৰ সাংগঠনিক দিশটোৰ বুজ লৈ অধিক শক্তিশালী কৰি তোলাৰ বাবে দলীয় কৰ্ম-কৰ্তাৰ সৈতে এক আলোচনাত মিলিত হয়। তাৰোপৰি কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য আৰু বিধায়কসকলৰ লগতে এক গুৰুত্বপূৰ্ন বৈঠকত মন্ত্ৰী গৰাকী অংশ লয়।

উল্লেখ যে জিলাখনত বান নিয়ন্ত্ৰণ কৰাৰ ভাবে বিভাগৰ বিষয়-ববীয়া সকলৰ লগতো এক পৰ্যালোচনা বৈঠকত কৰে। উক্ত কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, সাংসদ অমৰ ছিং তি'ছ উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande