
নলবাৰী, ০৮ নৱেম্বৰ (হি.স.): নলবাৰীৰ টিহু বাৰোৱাৰী ৰাস মহোৎসৱত যোৱা কালি শুকুৰবাৰৰ নিশা উপস্হিত হয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী । শৰতৰ শেৱালি সৰা বতৰত স্নিগ্ধ জোনাকৰ নিশা ভক্তিময় পৰিবেশত টিহু নৈৰ নৈসৰ্গিক পৰিবেশত ৰাস উপভোগ কৰে মন্ত্ৰী গৰাকীয়ে।
ৰাস মহোৎসৱ স্হলীৰ বিভিন্ন ঠাইৰ বিপনী ব্যৱসায়ী সকলৰ লগত মত বিনিময় কৰে মন্ত্ৰী গৰাকীয়ে । টিহুত নিশা শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উপভোগ কৰি অভীভূত হৈ পৰে মন্ত্ৰীগৰাকী । ৰাস উপভোগ কৰি দলৰ জ্যেষ্ঠ নেতা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইয়ে দল ত্যাগ কৰাৰ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় ৰাস আৰু ৰাজেন গোহাঁই আজিৰ দিনত দুটা একে বস্তু নহয় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ