শিৱসাগৰ চেৰেকাপাৰত ৰে’লৰ খুন্দাত এজন ব্যক্তিৰ মৃত্যু
শিৱসাগৰ চেৰেকাপাৰত দুৰ্ঘটনা।
শিৱসাগৰ চেৰেকাপাৰত ৰে’লৰ খুন্দাত এজন ব্যক্তিৰ মৃত্যু


শিৱসাগৰ, ০৮ নৱেম্বৰ (হি.স.): শিৱসাগৰৰ চেৰেকাপাৰত সংঘটিত হৈছে এক দুৰ্ঘটনা। ৰে’লৰ খুন্দাত এজন ব্যক্তিৰ মৃত্যু হয়। এই পৰ্যন্ত লোকজন চিনাক্ত হোৱা নাই।

শিমলুগুৰি পৰা শিৱসাগৰ হৈ ডিব্ৰুগড়ৰ অভিমুখে যোৱা প্ৰেচেঞ্জাৰ ৰে’লৰ খুন্দাত লোকজন নিহত হোৱাৰ সন্দেহ কৰিছে ৰাইজে। ঘটনাস্থলীত ৰে’ল আৰক্ষী উপস্থিত হৈ মৃতদেহটো নিজৰ জিম্মাত লৈছে আৰু আৰক্ষী সৈতে যোগাযোগ কৰি মৃত লোকজনৰ পৰিচয় উদ্ধাৰ কৰাৰ পদক্ষেপ লোৱাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ ব্য়ৱস্থা কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande