
কামৰূপ, ০৮ নৱেম্বৰ (হি.স.)। দক্ষিণ কামৰূপৰ সোণতলীৰ সুঁতিৰপাৰৰ এটা পথত জৰাজীৰ্ণ হৈ পৰা কাঠৰ দলং এখনৰ বাবে যাতায়তৰ ক্ষেত্ৰত আহুকালৰ সৃষ্টি হৈছে৷ বিপদসংকুল দলংখনে জ্বলা-ক'লা খুৱাইছে পথচাৰী সকলক৷ বছৰ বছৰ ধৰি জৰাজীৰ্ণ দলঙেৰে বিপদসংকুলভাবে যাতায়াত কৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ৷ সোণতলীৰ সুঁতিৰপাৰ ই এণ্ড ডি মথাউৰিৰ পৰা ৰাংগাপানী সংযোগী মৰা সুঁতিত থকা কাঠৰ দলং খনৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰিছে ৷
উল্লেখ্য় যে দলংখনেৰে দৈনিক যাতায়াত কৰে কণ কণ শিক্ষাৰ্থী তথা শ শ ৰাইজ ৷ মৰণফান্দ সদৃশ দলঙেৰে অহা-যোৱা কৰোতে মাজে সময়ে দুৰ্ঘটনাও সংগঠিত হৈ আহিছে ৷ তথাপিও কোনো কাণসাৰ নাই বিধায়িকা নন্দিতা দাসৰ ৷ দলংখন জৰাজীৰ্ণ হৈ থকাৰ বাবে অঞ্চলটোৰ ৰাইজে বঞ্চিত হ'বলগীয়া হৈছে স্বাস্থ্য বিভাগৰ এম্বুলেঞ্চ সেৱা তথা আন আন সা-সুবিধাৰ পৰা৷ বিপদত পৰিবলগীয়া হৈছে গৰ্ভৱতী মহিলা তথা মুমূৰ্ষু ৰোগীসকল ৷
সেয়েহে উক্ত পথত থকা জৰাজীৰ্ণ কাঠৰ দলঙৰ ঠাইত এখন পকী দলং নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ ৰাইজে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ৷
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা