খুমটাইত ৯ নৱেম্বৰত অনুষ্ঠিত হব গৰখীয়া ভোজ অনুষ্ঠান
গোলাঘাট, ০৮ নৱেম্বৰ (হি.স.)। এজোপা শ শ বছৰ পুৰণি বটবৃক্ষৰ তলত গঢ়ি উঠিছে এক আধ্যাত্মিক, বিশ্বাস পৰম্পৰা । খুমটাইৰ ন-পমুৱা গাঁৱৰ ধনশিৰি নৈৰ পাৰৰ নৈসৰ্গিক সৌন্দৰ্য্যৰে পৰিবেষ্টিত পৰিৱেশত এজোপা বৰগছৰ তলত কাতি মাহৰ এটা দেওবাৰে স্থানীয় অনুষ্ঠিত কৰি আহি
খুমটাইত ৯ নৱেম্বৰত অনুষ্ঠিত হব গৰখীয়া ভোজ অনুষ্ঠান


গোলাঘাট, ০৮ নৱেম্বৰ (হি.স.)। এজোপা শ শ বছৰ পুৰণি বটবৃক্ষৰ তলত গঢ়ি উঠিছে এক আধ্যাত্মিক, বিশ্বাস পৰম্পৰা । খুমটাইৰ ন-পমুৱা গাঁৱৰ ধনশিৰি নৈৰ পাৰৰ নৈসৰ্গিক সৌন্দৰ্য্যৰে পৰিবেষ্টিত পৰিৱেশত এজোপা বৰগছৰ তলত কাতি মাহৰ এটা দেওবাৰে স্থানীয় অনুষ্ঠিত কৰি আহিছে গৰখীয়া ভোগ অনুষ্ঠানৰ । য'ত প্ৰতি বছৰে সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে । সকলোৱে চাকি বন্তি , ভোগ আগবঢ়ায় ভগৱানৰ চৰণত প্ৰাৰ্থনা জনায় ।

চলিত বৰ্ষৰ ৯ নৱেম্বৰত অনুষ্ঠিত কৰিছে এই গৰখীয়া ভোজ অনুষ্ঠানৰ । তিনি সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আয়োজক সমিতিয়ে । চলিত বৰ্ষত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই গৰখীয়া ভোজ উদযাপন সমিতিয়ে আয়োজন কৰিছে এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ । য'ত অসমৰ কেইবা গৰাকীও উদীয়মান জনপ্ৰিয় কণ্ঠশিল্পীয়ে অংশগ্ৰহণ কৰিব । লগতে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ লগত দীৰ্ঘদিন সঙ্গত কৰা বিহুৱা শিল্পী বিপুল চেতি‌য়া ফুকনক বিশেষ সন্মান প্ৰদান কৰাৰ কথা আয়োজক সমিতিয়ে আমাক জানিবলৈ দিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande