জুবিনৰ সোঁৱৰণত বৰপেটাৰ ভেল্লাত অসম ভিত্তিত ফুটবলৰ চূড়ান্ত খেল।
বৰপেটা, ০৮ নৱেম্বৰ (হি.স.)। জুবিনৰ সোঁৱৰণত বৰপেটাৰ ভেল্লাত অসম ভিত্তিত ফুটবলৰ চূড়ান্ত খেল।চূড়ান্ত খেলখন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰায় ৬ সহস্ৰাধিক লোকে একেলগে গালে মায়াবিনী গীতটি। খেলখনত চেম্পিয়নশ্বিপৰ
জুবিনৰ সোঁৱৰণত বৰপেটাৰ ভেল্লাত অসম ভিত্তিত ফুটবলৰ চূড়ান্ত খেল।


বৰপেটা, ০৮ নৱেম্বৰ (হি.স.)। জুবিনৰ সোঁৱৰণত বৰপেটাৰ ভেল্লাত অসম ভিত্তিত ফুটবলৰ চূড়ান্ত খেল।চূড়ান্ত খেলখন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰায় ৬ সহস্ৰাধিক লোকে একেলগে গালে মায়াবিনী গীতটি। খেলখনত চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰে গোঁসাইগাঁও গ্লৱেল এফ চিয়ে।গোঁসাইগাঁও গ্লৱেল এফ চিয়ে ঘোগা স্পৰ্টছ ক্লাৱক ২-০ গ'লত পৰাস্ত কৰি চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰে।শুক্ৰবাৰে নৈশলোকত অনুষ্ঠিত চূড়ান্ত খেলখন উদ্ধোধন কৰে সদৌ অসম উকিল সন্থাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাসে।বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সৰুক্ষেত্ৰী সমষ্টিৰ সমাজসেৱিকা মিনাক্ষী ৰহমান, সমাজকৰ্মী চইবৰ ৰহমানে উপস্থিত থাকি জুবিন গাৰ্গৰ গুণ গৰিমাৰ লগতে খেল সন্দৰ্ভতো সুমধুৰ ভাষণ আগবঢ়ায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande