কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি গহপুৰৰ ভোলাগুৰিত কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ স্থাপন কৰিব আধাৰশিলা
গুৱাহাটী, ০৮ নৱেম্বৰ (হি.স.)। দুদিনীয়া অসম ভ্ৰমণ সূচীৰে শুকুৰবাৰে গুৱাহাটীত উপস্থিত হোৱা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি ভ্ৰমণৰ দ্বিতীয় দিনা শনিবাৰে ৮ নৱেম্বৰত গহপুৰৰ ভোলাগুৰিত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব
ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰন্ট প্ৰজেক্ট উদ্বোধন কৰাৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ


গুৱাহাটী, ০৮ নৱেম্বৰ (হি.স.)। দুদিনীয়া অসম ভ্ৰমণ সূচীৰে শুকুৰবাৰে গুৱাহাটীত উপস্থিত হোৱা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি ভ্ৰমণৰ দ্বিতীয় দিনা শনিবাৰে ৮ নৱেম্বৰত গহপুৰৰ ভোলাগুৰিত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব । দেশৰ ভিতৰতে আগশাৰী আধুনিক বিশ্ববিদ্যালয় স্থাপনৰ যো জা চলিছে গহপুৰৰ ঐতিহ্যমণ্ডিত ভোলাগুৰি চাহবাগিছাত ।

গহপুৰৰ ইতিহাস প্ৰসিদ্ধ ভোলাগুৰি চাহ বাগিচাত আজি পুৱা ১০-৩০ বজাত উচ্চ শিক্ষাৰ নতুন প্ৰতিষ্ঠান খনৰ আধাৰশিলা আনুষ্ঠানিক ভাৱে স্থাপন কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱে কলাক্ষেত্ৰৰ পৰা বৃহস্পতিবাৰে অনা ২৭০ টা অমৃত কলহৰ মাটিৰে ভূমি পূজন কৰি অত্যাধুনিক পাঠ্যক্ৰম সম্বলিত বিশ্ববিদ্যালয় খনৰ আধাৰশিলা স্থাপনৰ শুভ কাম সম্পন্ন কৰিব।

আধাৰশিলা স্থাপনৰ পিছত ভোলাগুৰি চাহ বাগিচাত এখন জনসভাক সম্বোধন কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে। ইতিমধ্যে বিশ্ববিদ্যালয় স্থাপনৰ স্হানত বিশাল জনসভাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। উল্লেখ্য যে অসম চাহ নিগমৰ অধীনৰ তথা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত ভোলাগুৰি চাহ বাগিচাৰ ৭৩৮ বিঘা ভূমিত ৫৯৯ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়।

বিশ্ববিদ্যালয় খনত পৰম্পৰাগত পাঠ্যক্ৰমৰ লগতে সংযুক্ত কৰা হ'ব কৃত্ৰিম বুদ্ধিমত্তা, মেচিন লাৰ্নি, ব্লক চেইন আদিৰ দৰে অত্যাধুনিক বিষয়ৰ পাঠ্যক্ৰম। সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে এখন লেখত ল'বলগীয়া বিশ্ববিদ্যালয় হ'ব কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়।

ৰাজ্যিক বিশ্ববিদ্যালয় খনে উত্তৰ অসমত অত্যাধুনিক শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত এক নৱ জাগৰণৰ সৃষ্টি কৰিব বুলি শৈক্ষক মহলে আশা প্ৰকাশ কৰিছে। গহপুৰৰ বিধায়ক উৎপল বৰাই আজিৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠানত ৰাইজৰ উপস্থিতি কামনা কৰিছে। উল্লেখযোগ্য যে এই উপলক্ষে এখন ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ইয়াৰ বাবে প্ৰায় ৩০ হাজাৰ লোক বহিব পৰাকৈ এক সুবিশাল পেণ্ডেল সজাই পৰাই তোলা হৈছে।

উল্লেখ্য যে শুকুৰবাৰে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে মৰিগাঁও জিলাৰ জাগীৰোডত টাটা ইলেক্ট্ৰনিকছৰ আউটচ’ৰ্চড ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট (অ’এছএটি) প্ৰকল্পৰ স্থান পৰিদৰ্শন কৰে । এয়া হৈছে এক সুদূৰপ্ৰসাৰী পদক্ষেপ যিয়ে উত্তৰ-পূবত ভাৰতৰ প্ৰথমটো অৰ্ধপৰিবাহী প্ৰকল্প আৰু পৰীক্ষণৰ সুবিধা নিশ্চিত কৰিব ।

অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে বিত্তমন্ত্রীগৰাকীয়ে প্রকল্পটো পৰিদৰ্শন কৰি বিষয়াসকলৰ সৈতেও মত বিনিময় কৰে। আলোচনা কালত বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ অগ্রগতিৰ বিষয়ে পর্যালোচনা কৰে৷ ইয়াৰ পিছতে তেওঁ 'এণ্টাৰপ্ৰাইজ অসম - বিকশিত ভাৰত ২০৪৭' শীৰ্ষক এক আলোচনাত অংশগ্ৰহণ কৰে, য’ত ৰাজ্যখনৰ ২০০ৰো অধিক ছাত্ৰ-ছাত্ৰী, ষ্টাৰ্ট-আপ, আৰু উদ্যোগী উপস্থিত থাকে । সভাত ভাষণ দি তেওঁ অসমৰ উদীয়মান ঔদ্যোগিক আৰু উদ্ভাৱনৰ পৰিৱেশত যুৱক-যুৱতীসকলৰ বাবে সম্প্ৰসাৰিত হোৱা সুযোগসমূহৰ বিষয়ত আলোকপাত কৰে।

আনহাতে শুকুৰবাৰে সন্ধিয়া কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট পাৰ্ক উদ্বোধন কৰে। অসমৰ নদী পৰ্যটন ক্ষেত্ৰত নৱতম সংযোজন ঘটাই দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত মুকলি কৰা হয় উজানবজাৰৰ ব্ৰক্ষ্মপুত্ৰৰ পাৰত নিৰ্মাণ কৰা ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট। শুকুৰবাৰে সন্ধিয়া কেন্দ্ৰীয় বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণে এই আটকধুনীয়া ৰিভাৰ ফ্ৰণ্ট উদ্যানখন উদ্বোধন কৰে। ব্ৰক্ষ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত প্ৰায় ২২ হাজাৰ গছপুলি ৰোপণ কৰা হৈছে। পৰিৱেশৰ লগত খাপ খোৱাকৈ ২০০বিধতকৈ অধিক ভিন-ভিন ৰঙীন ফুল-ফল তদুপৰি ঔষধি গছপুলিও ৰোপণ কৰা হৈছে। ইফালে উদ্যানখনত নিৰ্মাণ কৰা হৈছে কেইবাটাও বিশেষ সা-সামগ্ৰী। শৰীৰ চৰ্চা কৰি ভালপোৱা লোকসকলৰ বাবেও আছে বিশেষ সুবিধা। এতিয়া উদ্যোনখনতে পুৱা-গধূলি একান্তমনে শৰীৰ চৰ্চা কৰিব পাৰিব ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande