
ডিব্ৰুগড়, ০৮ নৱেম্বৰ (হি.স.)। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ লগত সঙ্গতি ৰাখি ডিব্ৰুগড় পৌৰ নিগমে নিৰ্মাণ কৰি উলিওৱা ডঃ ভূপেন হাজৰিকাৰ এটি পূৰ্ণাঙ্গ প্ৰতিমূৰ্তি যোৱা কালি শুকুৰবাৰে সন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰে।ডিব্ৰুগড় মহানগৰীৰ নিৰ্মালী গাঁও উদ্যানত সাজি উলিওৱা প্ৰতি মূৰ্তিটো উন্মোচনীৰ সময়ত ৰাজ্যচৰকাৰৰ মন্ত্ৰী প্ৰসান্ত ফুকনো উপস্থিত থাকে।
প্ৰতিমূৰ্তি উন্মোচন কৰি দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ছাত্ৰ ছাত্ৰী তথা নৱ প্ৰজন্মক ডঃ ভূপেন হাজৰিকাৰ আদৰ্শৰে উদ্বুদ্ধ হ’বলৈ আৰু তেখেতৰ গীতৰ চৰ্চা কৰিবলৈ আহ্বান জনায়। আনহাতে মন্ত্ৰী প্ৰসান্ত ফুকনে ডঃ ভূপেন হাজৰিকাক সমন্বয়ৰ প্ৰতীক বুলি উল্লেখ কৰি তেওঁৰ সমন্বয়ৰ দুটি গীতো আওঁৰায়। অনুষ্ঠানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা