চামগুৰিত ডকাইতি কাণ্ড, আক্ৰমন কৰি কাঢ়ি নিলে লক্ষাধিক টকা
চামগুৰিত ডকাইতি কাণ্ড।
চামগুৰিত ডকাইতি কাণ্ড, আক্ৰমন কৰি কাঢ়ি নিলে লক্ষাধিক টকা


নগাঁও, ০৮ নৱেম্বৰ (হি.স.): নগাঁও জিলাৰ চামগুৰিত যোৱা কালি শুকুৰবাৰে সন্ধিয়া এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয়। চামগুৰিৰ কনুৱামাৰীৰ পথত মুৰ্মুষ অৱস্থাত উদ্ধাৰ হয় এজন লোক। পথৰ কাষতে এএছ ০২ এএইচ ৫২৭০ নম্বৰৰ পালছাৰ বাইক সহ পৰি আছিল ব্যক্তি জন।

পিছত লোকজন ৰঙাগৰা স্থিত চিমেণ্টৰ ফেক্টৰীৰ ঠিকাদাৰ ৰচিদুল বুলি জানিব পৰা গৈছে। স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰে যে, কোনো লোকে আক্ৰমণ কৰি পেলাই থৈ গৈছে ৰচিদুলক। শৰীৰৰ বিভিন্ন অংশত আঘাতপ্ৰাপ্ত হৈছে লোক জন। জানিব পৰা মতে শ্ৰমিকক মজুৰি দিয়াৰ বাবে ৰচিদুলে লগত আনিছিল লক্ষাধিক টকা। লোকজনক আক্ৰমণ কৰি সেই টকা ডকাইতি কৰি নিয়াৰ সন্দেহ কৰে স্থানীয় লোক সকলে।এইক্ষেত্ৰত স্হানীয় লোকৰ সহযোগত আৰক্ষীয়ে লোকজনক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande