
গুৱাহাটী, ০৮ নৱেম্বৰ (হি.স.ছ)। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে গুৱাহাটীৰ খানাপাৰাত নিৰ্মাণৰত ‘জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ’ পৰিদৰ্শন কৰে। এই প্ৰেক্ষাগৃহটো অসমৰ দুগৰাকী মহান ব্যক্তিৰ নামেৰে নামাকৰণ কৰা হৈছে।
এই উপলক্ষে মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে যে ৫ হাজাৰ লোকৰ বহাৰ ক্ষমতা থকা এই প্রেক্ষাগৃহটো উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ প্রেক্ষাগৃহ হ’ব ৷ তেওঁ কয় যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে আৰু এই পৰ্যায়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ উপস্থিতি ৰাজ্যখনৰ বাবে প্ৰেৰণাদায়ক আৰু উৎসাহজনক আছিল। পৰিদৰ্শনৰ সময়ত প্ৰকল্পটোৰ সৈতে জড়িত বিষয়াসকলে কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক প্ৰেক্ষাগৃহৰ বৰ্তমানৰ অৱস্থা আৰু বৈশিষ্ট্যসমূহৰ বিষয়ে অৱগত কৰে। এই প্ৰেক্ষাগৃহে ৰাজ্যৰ সাংস্কৃতিক আৰু কলাত্মক কাৰ্যকলাপত এক নতুন মাত্ৰা সংযোজন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ