
কামৰূপ, ৮ নৱেম্বৰ (হি.স.)। ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে ৰাস মহোৎসৱ । বাইহাটা চাৰিআলিৰ সমীপবৰ্তী বিহদিয়া-জাজীকোনা ৰাস স্থলী পৰিনত হৈছে দ্বিতীয় বৃন্দাবনত । লোকে লোকাৰণ্য বিহদিয়া-জাজীকোনা ৰাস স্থলী । অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰে কালি নিশা ভৰি পৰিছে ৰাস স্থলী ।
ৰাস মহোৎসৱত অসমীয়াৰ হিয়াৰ আমথু সংগীত শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গ কৰিছে তিনিটাকৈ ষ্টল । ইয়াৰোপৰি আছে আছে হিন্দু সনাতনি ধৰ্মৰ ভিন্ন দেৱ দেৱতাৰ মৃন্ময় মুৰ্তি সমুহ । লগত আছে আছে ভগবান শ্ৰীকৃষ্ণৰ ভিন্ন অৱতাৰৰ ৰূপৰ মৃন্ময় মুৰ্তি । ৰাস মহোৎসৱত অসমৰ বহু কেইজন প্ৰতিষ্ঠিত সংগীত শিল্পীৰ লগতে বলিউদৰ কণ্ঠ শিল্পীয়েও সাংস্কৃতিক সন্ধিয়াত গীত পৰিবেশন কৰিব ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ