
- এন ডি এৰ বাবে আৱেগিক অস্ত্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে জংগল ৰাজৰ স্মৃতি
পাটনা, ০৮ নৱেম্বৰ (হি.স.)। বিহাৰ বিধানসভা নিৰ্বাচন ২০২৫ ৰ দ্বিতীয় পৰ্যায়ত এতিয়া ৰাজনৈতিক যুঁজখন পূৰ্ণগতিত চলি আছে। ৰাষ্ট্ৰীয় জনতা দলৰ নিৰ্বাচনী প্ৰচাৰৰ ভাইৰেল গীতক লক্ষ্য কৰি লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীয়ে কয় যে এই গীতসমূহে জংগলৰাজৰ প্ৰত্যাৱৰ্তনৰ বাবে আৰজেডি কিমান উদগ্ৰীৱ হৈ পৰিছে সেই কথা উন্মোচন কৰে। এই গীতবোৰে দুখীয়া, দলিত, সমাজৰ অতি পিছপৰা শ্ৰেণীক ভয় খুৱাবলৈ কৰা এক প্ৰয়াস স্পষ্টভাৱে প্ৰদৰ্শন কৰিছে। আৰজেডিৰ এটা নিৰ্বাচনী প্ৰচাৰৰ গীতত লিখা আছে, আয়েগী ভাইয়া কী চৰকাৰ, বনেংগে ৰংগদাৰ... (আহিব ভাইৰ চৰকাৰ, চলাব জোৰদাৰ)।
এই গীতটোক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যিসকলৰ প্ৰচাৰ অভিযানে অপৰাধ, গুণ্ডা, পৰিয়ালবাদৰ মহিমামণ্ডিত কৰে, তেওঁলোকে যদি ক্ষমতালৈ আহে, তেন্তে বিহাৰ পুনৰ সেই একেটা অন্ধকাৰ যুগত পৰিব, যিটো যুগৰ পৰা জনসাধাৰণক ওলাই আহিবলৈ ১৫ বছৰ সময় লাগিছিল। জনসাধাৰণে এতিয়া পূৰ্বৰ চৰকাৰসমূহৰ গীত আৰু অভিলেখৰ তুলাচনীত উঠাইছে।
আৰজেডিৰ গান শুনক আৰু বুজিব বিহাৰৰ ভৱিষ্যৎ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউটিউবত প্ৰচাৰিত এন ডি এ সমৰ্থকৰ প্ৰচাৰ গীতৰ কথা উল্লেখ কৰি কয় যে বিহাৰৰ জনসাধাৰণে বুজিব লাগে যে আৰজেডি ক্ষমতালৈ আহিলে বিহাৰৰ কি হ’ব। তেওঁলোকৰ গীতে অপৰাধীক মহিমামণ্ডিত কৰে... কল্পনা কৰকচোন তেওঁলোকৰ শাসনত কি হ’ব।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এইসকল লোকে পূৰ্বে বিহাৰক জাত-পাতৰ ৰাজনীতিত আবদ্ধ কৰি ৰাখিছে আৰু এতিয়া গীত-সংগীতৰ জৰিয়তে আৱেগ জগাই তুলিবলৈ চেষ্টা কৰিছে। কিন্তু বিহাৰৰ মানুহ জ্ঞানী; তেওঁলোকে এতিয়া ভয় নহয়, উন্নয়নৰ ৰাজনীতি বিচাৰে। আজি দুখীয়া ল’ৰা-ছোৱালীয়ে স্কুললৈ গৈছে, ছোৱালীয়ে বেংক একাউণ্ট খুলিছে, ঘৰত বিদ্যুৎ আৰু গেছ আছে। যিসকলে অতীতৰ অন্ধকাৰ ঘূৰাই আনিব খোজে তেওঁলোকে ৰাইজৰ আশাৰ লগত খেলা-ধূলা কৰি আছে।
পুনৰ ঘূৰি আহিছে জংঘল ৰাজ বনাম সুশাসনৰ পুৰণি প্ৰশ্নটো
প্ৰধানমন্ত্ৰীৰ এই বক্তব্যই নিৰ্বাচনী বিতৰ্কক পুনৰ সেই একেটা পৰ্যায়লৈ লৈ আহিছে য'ত বিহাৰৰ ৰাজনীতিয়ে সততে জংগলৰাজ বনাম সুশাসন বিষয়টোৰ সন্মুখীন হৈছে। ৰাজনৈতিক বিশ্লেষক লুভ কুমাৰ মিশ্ৰই কয় যে এই বক্তব্যৰ জৰিয়তে নৰেন্দ্ৰ মোদীয়ে জাতি ৰাজনীতিক আক্ৰমণ কৰা, পুৰণি আশংকা পুনৰুজ্জীৱিত কৰা, দুখীয়াৰ মাজত সুস্থিৰ শাসন ব্যৱস্থাৰ আকাংক্ষা সৃষ্টি কৰাকে ধৰি একেলগে কেইবাটাও লক্ষ্যত আঘাত হানিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ