ৰঙিয়া আৰক্ষীয়ে জব্দ কৰিলে চাৰিটাকৈ ম’হ
কামৰূপ, ০৮ নৱেম্বৰ (হি.স.)। কালি নিশা ৰঙিয়া আৰক্ষীয়ে জব্দ কৰিলে চাৰিটাকৈ ম’হ। ৰঙিয়াৰ সো-মাজেদি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি বৰপেটাৰ কলগাছিয়া লৈ নি থকা অৱস্থাত জব্দ কৰে ম’হ কেইটা । উপযুক্ত নথি পত্ৰ
ৰঙিয়া আৰক্ষীয়ে জব্দ কৰিলে চাৰিটাকৈ ম’হ


কামৰূপ, ০৮ নৱেম্বৰ (হি.স.)। কালি নিশা ৰঙিয়া আৰক্ষীয়ে জব্দ কৰিলে চাৰিটাকৈ ম’হ। ৰঙিয়াৰ সো-মাজেদি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি বৰপেটাৰ কলগাছিয়া লৈ নি থকা অৱস্থাত জব্দ কৰে ম’হ কেইটা । উপযুক্ত নথি পত্ৰ নোহোৱাকৈ দৰং জিলাৰ বংলাগড়ৰ বজাৰৰ পৰা বৰপেটাৰ কলগাছিয়ৈ সৰবৰাহ কৰিছিল ম’হ কেইটা । ৰঙিয়া আৰক্ষীয়ে ম’হ কেইটা কঢ়িয়াই নিয়া এ এছ ০১ ডি চি ১৬০৮ নম্বৰৰ অশোক লিলেন্দৰ এখন চাৰিচকীয়া বাহনো জব্দ কৰে । লগতে আৰক্ষীয়ে আটক কৰে কলগাছিয়া থানাৰ অন্তৰ্গত ভালুগুৰী গাওঁৰ আব্দুল হামিদ আৰু হাকিমুদ্দিনক। লগতে আটক কৰে ম’হ কঢ়িওৱা বাহন খনৰ ড্ৰাইভাৰ চুৰজ মাহাটোক । আৰক্ষীয়ে জব্দ কৰা ম’হ কেইটা ইতিমধ্যে ৰঙিয়াৰ কনিহাস্থিত গোখালাত ৰখাৰ ব্যৱস্থা কৰাৰ লগতে আটকাধীন তিনিজনক সোধপোছ অৱ্যহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande