বিহালীৰ অসংগঠিত সাংবাদিক সকলৰ বৰগাং প্ৰেছ ক্লাৱ গঠন
বিহালীৰ চেৰেলীয়া গাঁও পঞ্চায়ত কাৰ্যালয়ৰ প্ৰেক্ষা গৃহত বৰগাং প্ৰেছ ক্লাৱ গঠন।
বিহালীৰ অসংগঠিত সাংবাদিক সকলৰ বৰগাং প্ৰেছ ক্লাৱ গঠন


বিশ্বনাথ, ০৮ নৱেম্বৰ (হি.স.): বিশ্বনাথ জিলাৰ বিহালীৰ সাংবাদিক সকলে বৰগাং প্ৰেছ ক্লাৱ গঠন কৰে। শুক্ৰবাৰে সন্ধিয়া বিহালীৰ চেৰেলীয়া গাওঁ পঞ্চয়তৰ প্রেক্ষাগৃহত বিহালীৰ অসংগঠিত সাংবাদিক সকলে একত্ৰিত হৈ বৰগাং প্ৰেছ ক্লাৱ গঠন কৰেl সাংবাদিক সকলৰ দীৰ্ঘ দিনীয়া বিভিন্ন সমস্যা সমূহৰ সমাধানৰ বাবে একগোট হৈ বৰগাং প্ৰেছ ক্লাৱ গঠন কৰা হয় l

জ্যেষ্ঠ সাংবাদিক অমিতাভ বৰুৱা, জ্যেষ্ঠ সাংবাদিক প্ৰণিতা ৰায়ভূঞা, জ্যেষ্ঠ সাংবাদিক প্ৰকাশ কায়স্থ আৰু বিশ্বনাথৰ পৰ্য্যটন অনুৰাগী সমাজ কৰ্মী ডঃ কিশোৰ হাজৰিকাক উপদেষ্টা হিচাপে লৈ সৰ্ব মুঠ ১৩ জনীয়া এখন শক্তিশালী কমিটি গঠন কৰা হয় ।প্ৰণিতা ৰায়ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত এই প্ৰেছ ক্লাবৰ সভাপতি হিচাপে নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক জ্ঞান পাণ্ডে আৰু পলাশ প্ৰীয়মক সম্পাদকৰ দায়িত্ব দিয়া হয় l লগতে সৰ্বসন্মতি ক্ৰমে অমিত তাচাক উপ সভাপতি আৰু মিণ্টু বৰাক সহ সম্পাদক হিচাপে মনোনীত কৰা হয় l

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande