বিশ্ববিজয়ী ক্ৰিকেটাৰ উমা ছেত্ৰীক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ সম্বৰ্ধনা
গোলাঘাট, ০৮ নৱেম্বৰ (হি.স.)। অৱশেষত নিশা বিশ্ববিজয়ী ক্ৰিকেটাৰ উমা ছেত্ৰীৰ কাষ পালেহি ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোছা । বোকাখাতৰ কান্ধুলিমাৰীৰ বাসগৃহত নিশা ক্ৰীড়া বিভাগৰ সচিবক লগতলৈ মন্ত্ৰীগৰাকী উপস্থিত হয় উমাৰ বাসগৃহত । ৰাজ্য চৰকাৰৰ তৰফৰ প
বিশ্ববিজয়ী ক্ৰিকেটাৰ উমা ছেত্ৰীক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ সম্বৰ্ধনা


গোলাঘাট, ০৮ নৱেম্বৰ (হি.স.)। অৱশেষত নিশা বিশ্ববিজয়ী ক্ৰিকেটাৰ উমা ছেত্ৰীৰ কাষ পালেহি ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোছা । বোকাখাতৰ কান্ধুলিমাৰীৰ বাসগৃহত নিশা ক্ৰীড়া বিভাগৰ সচিবক লগতলৈ মন্ত্ৰীগৰাকী উপস্থিত হয় উমাৰ বাসগৃহত । ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মন্ত্ৰীগৰাকীয়ে উমাক সম্বৰ্ধনা জনায় । অৱশ্য়ে বৰঝাৰত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আদৰণি নজনোৱা সম্পৰ্কত মন্তব্য দিয়াৰ পৰা বিৰত থাকে মন্ত্ৰীগৰাকী ৷

উল্লেখ্য় যে বিশ্ববিজয়ী অসম কন্যা উমা ছেত্ৰী দেশলৈ উভতি অহাৰ এই গৌৰৱৰ মুহূর্তত অসম চৰকাৰ আৰু ক্ৰীড়া বিভাগৰ কোনো ধৰণৰ অভ্যর্থনা–ব্যৱস্থা নথকা বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বিশ্বমঞ্চত দেশৰ পতাকা উচ্চতৰত তুলিবলৈ সক্ষম হোৱা খেলুৱৈক স্বভূমিত সন্মান নজনোৱা বিষয়টোক লৈ তীব্ৰ সমালোচনাও হৈছিল।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande