
গোলাঘাট, ০৮ নৱেম্বৰ (হি.স.): বিশ্ব জয়ী মহিলা ক্ৰিকেটাৰ উমা ছেত্ৰীৰ গোলাঘাট জিলাৰ বোকাখাতৰ কান্ধুলিমাৰিৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জনায় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ শনিবাৰে পুৱাই বিশ্ব জয়ী মহিলা ক্ৰিকেটাৰ উমা ছেত্ৰীৰ বোকাখাতৰ কান্ধুলিমাৰিৰ বাসগৃহত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ৷
উমাক গামোছা, চেলেং, ফুলৰ তোৰা, শৰাই আৰু সম্বৰ্ধনা পত্ৰৰে শুভেচ্ছা জনায় লুৰীণজ্যোতি গগৈয়ে ৷ ইফালে বৰঝাৰত অৱতৰণ কৰাৰ পিছত চৰকাৰৰ তৰফৰ পৰা আদৰণি আৰু সম্বৰ্ধনা নজনোৱা সম্পৰ্কত তীব্ৰ সমালোচনা কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ