
বৰপেটা, ০৮ নৱেম্বৰ (হি.স.)। বৰপেটা জিলাৰ হাউলী চহৰৰ মাজ মজিয়াত নিশাৰ ভাগত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
ৰাস মহোৎসৱ চলি থকাৰ মাজতে হাউলী চহৰত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
হাউলী চহৰৰ মুল চাৰি আলি চ'কৰ থানা ৰোডৰ বিশ্বনাথ দাস এণ্ড চনচ পেট্ৰ'ল পাম্পটোৰ নিচেই সমীপৰ দোকান গৃহত এই অগ্নিকাণ্ডৰ ঘটনা ঘটে ।
অগ্নিকাণ্ডত ফাৰ্মাছী, ঔষধৰ পাইকাৰী বিক্ৰেতা, লেব'ৰেট'ৰীসহ ১৫খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয় ।
বিশ্বনাথ দাস এণ্ড চনচ পেট্ৰ'ল পাম্পটোৰ নিচেই ওচৰতে সংঘটিত অগ্নিকাণ্ডক লৈ চহৰবাসীৰ মাজত আতংকৰ সৃষ্টি হয়।
অবশ্যে হাউলী, বৰপেটাৰোড আৰু বৰপেটাৰ পৰা অহা অগ্নিনিৰ্বাপক ৮খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে প্ৰায় ৩ ঘন্টা জোৰা চেষ্টাৰ ফলত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। ফলত এক ভয়াৱহ দূৰ্যোগৰ পৰা ৰক্ষা পৰে চহৰখন ।
অগ্নিকাণ্ডৰ সূত্ৰপাত ক'ৰ পৰা কেনেকৈ সমঘটিত হ'ল সেই কথা জানিব পৰা হোৱা নাই ।
এই অগ্নিকাণ্ডত টাউন ফাৰ্মাছী, আৰজু লেব'ৰেট'ৰী, আলী ভেৰাইটীজ, ''সাথী'' অনলাইন চেন্টাৰ আৰু এ এছ ড্ৰাগছ ডিষ্ট্ৰিবিউটৰচকে ধৰি আন ৯ খন ঔষধৰ পাইকাৰী ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয় ।
অগ্নিকাণ্ডৰ ফলত কেইবা কোটি টকাৰ সম্পত্তি ভস্মভূত হয় ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা