উজনিত সংহাৰী ৰূপত ছোৱাইন ফিভাৰ
উজনিত সংহাৰী ৰূপত ছোৱাইন ফিভাৰ।
উজনিত সংহাৰী ৰূপত ছোৱাইন ফিভাৰ


শিৱসাগৰ, ০৮ নৱেম্বৰ (হি.স.): উজনিত সংহাৰী ৰূপ ধাৰণ কৰে ছোৱাইন ফিভাৰ। ইয়াৰ ফলত গাহৰি পালনেৰে আত্মসংস্থাপনৰ বাট মুকলি কৰি লোৱা নিবনুৱাৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে। ইফালে ছোৱাইন ফিভাৰ ৰোধৰ বাবে প্ৰশাসনে আৰম্ভ কৰিছে গাহৰি নিধন যজ্ঞ ।

উল্লেখ্য যে আফ্ৰিকান ছোৱাইন ফিভাৰে থলুৱা গাহৰি পালকক সোধাইছে মাধমাৰ। লক্ষ লক্ষ টকাৰ লোকচানৰ সন্মুখীন হৈছে থলুৱা গাহৰি পালক সকল। এক প্ৰকাৰ পেটে ভাতে মৰাৰ উপক্ৰম হৈ পৰিছে। থলুৱা গাহৰি পালক সন্থাৰ শিৱসাগৰ জিলা সমিতি সভাপতি পাৰ্থ নেওগে চৰকাৰক গাহৰি পালকৰ সকাহ দিবলৈ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। থলুৱা গাহৰি পালকক উচিত ক্ষতিপূৰণৰ দাবী কৰে। চৰকাৰে এটা পোৱালীৰ বাবদ ২৫ শ টকা, ১ কুইন্টল গাহৰিৰ বাবদ ১২ হাজাৰ টকা ধাৰ্য্য কৰিছে। যাৰ ফলত এই ক্ষতিপূৰণে গাহৰিপালক সকলৰ মূলধন ঘূৰাই দিবলৈও সক্ষম নহয়।গাহৰিপালক সকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাইছে । আনহাতে বহিঃৰাজ্যৰ গাহৰি সৰবৰাহৰ ফলতে এই ৰোগ বিয়পি পৰাৰ অভিযোগ উত্থাপিত হৈছে। লোকচানৰ সন্মুখীন হোৱাথলুৱা গাহৰি পালক সকলৰ বেংকৰ ঋণ মাফ কৰাৰো দাবী তুলিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande