ডিফুত কেৰিয়াৰ পাঠ্যক্ৰমৰ মাণ্ডলিক প্ৰদৰ্শনী
কাৰ্বিআংলং, ০৭ নৱেম্বৰ (হি.স.)। ডিফুত আজি কেৰিয়াৰ পাঠ্যক্ৰমৰ মাণ্ডলিক প্ৰদৰ্শনী। প্ৰদৰ্শনীৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ৰাজ্যৰ পাৰ্বত্য জিলাৰ যুৱক-যুৱতী সকলৰ কেৰিয়াৰ আৰু বৃত্তি সম্পৰ্কীয় সঠিক তথ্য প্ৰদানেৰে সবলীকৰণ ত
ডিফুত কেৰিয়াৰ পাঠ্যক্ৰমৰ মাণ্ডলিক প্ৰদৰ্শনী


কাৰ্বিআংলং, ০৭ নৱেম্বৰ (হি.স.)। ডিফুত আজি কেৰিয়াৰ পাঠ্যক্ৰমৰ মাণ্ডলিক প্ৰদৰ্শনী। প্ৰদৰ্শনীৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ৰাজ্যৰ পাৰ্বত্য জিলাৰ যুৱক-যুৱতী সকলৰ কেৰিয়াৰ আৰু বৃত্তি সম্পৰ্কীয় সঠিক তথ্য প্ৰদানেৰে সবলীকৰণ তথা উত্তৰণৰ দিক নিৰ্দেশনা দিবলৈ এই প্ৰদৰ্শনী আয়োজন কৰা হয়।

উপ-সঞ্চালক নিয়োগ পাৰ্বত্য আঞ্চলিক বিভাগৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে ডিফুৰ আইটিআই প্ৰাঙ্গণত আয়োজন কৰা প্ৰদৰ্শনীত আইটিএটি,ৰবটিক বিজ্ঞান,আতিথ্য আৰু পৰ্যটণৰ, লগতে প্লাষ্টিক প্ৰযুক্তি বিষয়ে বিশেষজ্ঞ সকলৰ দ্বাৰা আলোচনাৰ লগতে নিয়োগ ক্ষেত্ৰত থকা সুবিধাসমূহ ছাত্ৰ-ছাত্ৰী সকলক অৱগত কৰোৱা হয়।

উল্লেখ্য যে প্ৰদৰ্শনীত ৰাজ্যৰ বিভিন্ন প্ৰতিষ্ঠানৰ লগত দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান ডঃ ভুপেন হাজৰিকা আঞ্চলিক ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটেও অংশ লয়।

উক্ত প্ৰদৰ্শনীত জিলা খনৰ কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande