
কোকৰাঝাৰ, ০৭ নৱেম্বৰ (হি.স.)। গোসাঁইগাঁও সদৰ চহৰৰ ২ নং ৱাৰ্ডৰ বাসিন্দা অজয় চৌধুৰীৰ পত্নী অৰ্চনা কৃতিনীয়া ৰায় যোৱা ২৯ অক্টোবৰ তাৰিখে পুৱা ৪.৩০ বজাৰ পৰা বৰ্তমানলৈকে নিৰুদ্দেশ হৈ আছে৷ পত্নীয়ে ঘৰৰ সামগ্ৰী, কাপোৰ, নগদ ৫০ হাজাৰ টকাৰ সৈতে ঘৰৰ পৰা গোপনে পলায়ন কৰে৷
মহিলা গৰাকী নিজ স্বামীৰ মোবাইল ফোনটো লৈ যায়৷ জানিব পৰা মতে মহিলা গৰাকীৰ পিতৃ গৃহৰ উপৰি বিজনীস্থিত শহুৰেকৰ ঘৰ আৰু আত্মীয় স্বজনৰ ঘৰত স্বামী বিচাৰি ফুৰিছে যদিও কোনো সম্ভেদ লাভ কৰা নাই৷ মহিলা গৰাকী কোনো মানৱ সৰবৰাহকাৰীৰ কবলত পৰা বুলি সন্দেহ কৰা হৈছে।ইতিমধ্য়ে জিলা আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কীয় এক গোচৰ ৰজু কৰা হৈছে। কোনো লোকে মহিলা গৰাকীৰ সন্ধান লাভ কৰিলে নিকটবৰ্তী আৰক্ষী থানাত অবগত কৰিবলৈ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ