
গোলাঘাট, ০৭ নৱেম্বৰ (হি.স.)। বোকাখাতৰ স্বগৃহত উপস্থিত হোৱাৰ পিছত বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্য উমা ছেত্রীক অসম চৰকাৰৰ হৈ গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্তৰ লগতে আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু বোকাখাত সম জিলাৰ প্ৰশাসনৰ লগতে বোকাখাত ৰ বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনায়।
ক্ৰিকেটৰ মহিলা বিশ্বকাপ বিজয় হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে আজি পুৱা নিজ গৃহত উপস্থিত হই অসম সন্তান, বোকাখাতৰ জিয়ৰী উমা ছেত্ৰী ৷
বান অধ্যুষিত বোকাখাতৰ কান্ধুলিমাৰিৰ পৰা বোকাখাত ক্ৰীড়া সন্থাৰ খেল পথাৰত কঠোৰ অনুশীলন কৰি অসমক প্ৰতিনিধিত্ব কৰি ভাৰতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰি মহিলা বিশ্বকাপ জয় কৰি আজি পুৱতি নিশা কান্ধুলিমাৰিৰ বাসগৃহত উপস্থিত হোৱা উমা ছেত্ৰীক বোকাখাত জিলা ক্ৰীড়া সন্থাৰ লগতে অসম গোৰ্খা সন্মিলনী আৰু ইলেক্ট্ৰনিক মিডিয়া জাৰ্ণেলিষ্ট এছ'চিয়েচন, ইমজাৰ তৰফৰ পৰা উমা ছেত্রীক আদৰণি জনায় ৷ নিজৰ পচন্দৰ ক্ৰিকেট খেলৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰিলে উমাই ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু