অহা বছৰ ভাৰত ভ্ৰমণ কৰাৰ স্পষ্ট ইংগিত ট্ৰাম্পৰ
ৱাশ্বিংটন, ০৭ নৱেম্বৰ (হি.স.)। ভাৰতৰ সৈতে চলি থকা বাণিজ্য চুক্তিৰ আলোচনাত সন্তুষ্টি প্ৰকাশ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অহা বছৰ ভাৰত ভ্ৰমণ কৰিব পাৰে বুলি স্পষ্টভাৱে ইংগিত দিয়ে। হোৱাইট হাউছত বৃহস্পতিবাৰে সাংবাদিকৰ আগত তেওঁ ভাৰতৰ প্ৰধান
অহা বছৰ ভাৰত ভ্ৰমণ কৰাৰ স্পষ্ট ইংগিত ট্ৰাম্পৰ


ৱাশ্বিংটন, ০৭ নৱেম্বৰ (হি.স.)। ভাৰতৰ সৈতে চলি থকা বাণিজ্য চুক্তিৰ আলোচনাত সন্তুষ্টি প্ৰকাশ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অহা বছৰ ভাৰত ভ্ৰমণ কৰিব পাৰে বুলি স্পষ্টভাৱে ইংগিত দিয়ে।

হোৱাইট হাউছত বৃহস্পতিবাৰে সাংবাদিকৰ আগত তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক “বন্ধু” আৰু “বিস্ময়কৰ ব্যক্তি” বুলি অভিহিত কৰি কয় যে ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় কৰাটো বহুলাংশে বন্ধ কৰি দিছে।

চলিত বৰ্ষৰ আগষ্ট মাহত ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০ শতাংশ আমদানি শুল্ক আৰোপ কৰিছিল, ইয়াৰে ২৫ শতাংশ আমদানি শুল্ক ৰাছিয়াৰ পৰা তেল আৰু অস্ত্ৰ ক্ৰয়ৰ প্ৰতিবাদত আৰোপ কৰিছিল। তেওঁৰ অভিযোগ যে এই লেনদেনে ৰাছিয়াক ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰখাত সহায় কৰিছে। অৱশ্যে ভাৰতে এই অভিযোগ ধাৰাবাহিকভাৱে অস্বীকাৰ কৰি আহিছে।

লক্ষণীয় যে ট্ৰাম্পৰ এই বক্তব্য এনে এটা সময়ত প্ৰকাশ কৰিছে যেতিয়া দুয়োখন দেশে দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ ওপৰত উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হৈছে।

সাংবাদিকসকলে ভাৰত ভ্ৰমণৰ পৰিকল্পনাৰ বিষয়ে সোধাত তেওঁ সাংবাদিকৰ আগত কয়, আমি ইয়াৰ ওপৰত কাম কৰি আছো। মই ভাৰতলৈ যাম। প্ৰধানমন্ত্ৰী মোডী এজন আচৰিত ব্যক্তি, আৰু মই নিশ্চিতভাৱে তালৈ যাম।

অহা বছৰ তেওঁৰ ভ্ৰমণ হ’ব পাৰে বুলি ট্ৰাম্পে কয়।

এইবাৰ ভাৰতে কোৱাড সন্মিলন আয়োজন কৰাৰ লগতে তাত তেওঁৰ উপস্থিতিৰ বিষয়ে অনিশ্চয়তাৰ মাজতে তেওঁৰ এই বক্তব্য প্ৰকাশ কৰিছে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সমৃদ্ধি আৰু নিৰাপত্তা বৃদ্ধিৰ লক্ষ্যৰে গঠন কৰা জাপান, আমেৰিকা, অষ্ট্ৰেলিয়া, আৰু ভাৰতক লৈ গঠিত এক অনানুষ্ঠানিক মঞ্চ হৈছে কোৱাড। অৱশ্যে সন্মিলনৰ নিৰ্ধাৰিত তাৰিখ এতিয়াও নিশ্চিত হোৱা নাই।

ৰাছিয়াৰ পৰা ভাৰতৰ তেল আমদানিৰ বাবে কেইবামাহো ধৰি স্থবিৰ হৈ থকা ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক আলোচনা শেহতীয়াকৈ পুনৰ আৰম্ভ হৈছে। অৱশ্যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে বুলি ৰাষ্ট্ৰপতি ট্ৰাম্পৰ দাবী এতিয়াও স্পষ্টভাৱে নিশ্চিত কৰা নাই। চীনৰ পিছতে ৰাছিয়াৰ তেল আমদানিকাৰক ভাৰত।

ইফালে ট্ৰাম্প প্ৰশাসনে ভাৰতক ৰাছিয়াৰ পৰিৱৰ্তে আমেৰিকাৰ পৰা তেল আৰু গেছ আমদানি কৰিবলৈ বাধ্য কৰাইছে। যোৱা বছৰলৈ দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য ১৯০ বিলিয়ন ডলাৰত উপনীত হৈছিল, যাৰ ফলত আমেৰিকা ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ হৈ পৰিছিল। প্ৰধানমন্ত্ৰী মোডী আৰু ট্ৰাম্পে এই পৰিমাণ ৫০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে।

ইফালে, নতুন দিল্লীত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালক ভাৰত ভ্ৰমণ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বক্তব্য সন্দৰ্ভত মন্তব্য দিবলৈ কোৱাত তেওঁ কয় যে এই বিষয়ত তেওঁৰ হাতত কোনো তথ্য নাই। সাংবাদিকৰ আগত তেওঁ কয়, এই সময়ত মই আপোনালোকক এই সন্দৰ্ভত কোনো তথ্য দিব নোৱাৰো। এই বিষয়ে তথ্য পোৱাৰ লগে লগে আপোনালোক সকলোৰে সৈতে শ্বেয়াৰ কৰিম।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande