

ডিব্ৰুগড়, ০৭ নৱেম্বৰ (হি.স.)। গানৰ ভগবান,হিয়াৰ আমঠু ,প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ বহুত শ্ৰদ্ধা আৰু ভালপোৱাৰ বাবেই হঠাৎ এনেদৰে গানৰ ভগবানৰ শেষ আশ্ৰয় লোৱা স্থানত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে ডিব্ৰুগড়ৰ পৰা উপস্থিত হয়হি এই দুগৰাকী মহিলা। মনতে ঠিৰাং কৰা পৰিকল্পনাক বাস্তৱত ৰূপায়িত কৰি যোৱা ২ তাৰিখৰ পৰা সুৰভী আৰু বন্দিতা বকলীয়াল নামৰ দুই অনুৰাগীয়ে আৰম্ভ কৰিলে চাইকেলেৰে জুবিন ক্ষেত্ৰলৈ যাত্ৰা।
মহিলা হোৱাৰ বাবে চাইকেল যাত্ৰাত কিছু অসুবিধা পালেও সেয়া হেলাৰঙে স্বীকাৰ কৰি লৈছিল।
সুদীৰ্ঘ পথ চোৱাত অনেকে তেওঁলোকক নিশা থকা-খোৱাৰ ব্যৱস্থা কৰি দিলে। ছয় দিনীয়া যাত্ৰাৰ অন্তত আজি দিনৰ ভাগত জুবিন ক্ষেত্ৰত ভাগৰুৱা হৈ উপস্থিত হৈয়ে দুয়ো গৰাকীয়ে প্ৰাণৰ শিল্পীৰ শেষ আশ্ৰয় স্থানত সভক্তিৰে সেৱা গ্ৰহণ কৰি জনালে শ্ৰদ্ধাঞ্জলি। আগবঢ়ালে তাঁতত বৈ অনা শিল্পী গৰাকীৰ ছৱিসহ প্ৰিয় গীতৰ কলি খোদিত অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচা।
হিন্দুস্থান সমাচাৰ / Narayan Kar