
কামৰূপ, ০৭ নৱেম্বৰ (হি.স.)। ৰঙিয়া আৰক্ষীৰ জালত দুই প্ৰৱঞ্চক, জব্দ ৬৭ খন এটিএম, বাইক আৰু মাৰুটি অল্ট বাহন । আটকাধীন দুই প্ৰৱঞ্চক হল মৰিগাওঁ জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত ভেকুগুৰী গাওঁৰ মাজিদুল ইছলাম আৰু আবু চাহিল । গোপন খৱৰৰ ভিত্তিত ৰঙিয়া থানাৰ টাউন উপ-পৰিদৰ্শক বিষ্ণুজ্যোতি বৰাই ষ্টেচন ৰোডৰ তেতেলীগুৰীত এটা ভাড়াঘৰত অভিযান চলাই আজি আটক কৰে দুই প্ৰৱঞ্চকক ।
দীৰ্ঘদিন ধৰি ৰঙিয়া আৰু ইয়াৰ পাৰ্শ্ববৰ্তী অঞ্চল সমুহৰ পৰা চুৰি অথবা এটিএমত ধন উলিয়াব যাওতে কাৰ্ড সমুহ সলনি কৰি ৰঙিয়াত বাহৰ পাতি এটিএম যোগে ধন উলিয়াই আছিল দুই প্ৰৱঞ্চকে । আৰক্ষীয়ে ধৃত দুয়োজনৰ পৰা ৬৭ খন বিভিন্ন বেংকৰ এটিএম কাৰ্ড, ৫০ হেজাৰ নগদ ধন, পাছখন চিম কাৰ্ড, দুটা মোবাইল ফোন, এখন বাইক আৰু এখন অল্ট বাহন জব্দ কৰে । জব্দ কৰা বাইক খনৰ নম্বৰ হল এএছ ০২ এ ই ৫৮০৫ আৰু অল্ট বাহন খনৰ নম্বৰ হল এএছ ০২ ডব্লিউ ৭৯৪৭, অধিক তথ্যৰ বাবে দুয়োকে সোধাপোছা অব্যহত ৰাখিছে ৰঙিয়া আৰক্ষীয়ে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু