
কোকৰাঝাৰ, ০৭ নৱেম্বৰ (হি.স.)। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্রাম আৰক্ষী চকীৰ অন্তৰ্গত ফকিৰাগ্ৰামৰ লস্কাৰপাৰ চান্দামাৰীত কালি নিশা ফকিৰাগ্রাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কোশীক দোলৰ নেতৃত্বত আৰক্ষীৰ অভিযানত দুই গৰাকী জুৱাৰীক জুৱাৰ সামগ্ৰী সহ আটক।ফকিৰাগ্ৰামৰ লস্কাৰপাৰ চান্দামাৰীত আৰক্ষীয়ে অভিযান চলাই দুই জন জুৱাৰীক আটক কৰিব সক্ষম হৈছে।
জিলাৰ ফকিৰাগ্ৰামৰ লস্কাৰপাৰ চান্দামাৰীৰ পৰা জুৱাৰী কেইটাক আটক কৰিছে আৰক্ষীয়ে। ফকিৰাগ্রাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কোশীক দোলৰ নেতৃত্বত আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰ পাৱাৰ লগে লগে অভিযান চলাই হাতে লোটে ধৰে জুৱাৰী কেইজনক। ধৃত জুৱাৰী কেইজন ক্ৰমে ফকিৰাগ্ৰামৰ আৰু বিলাসীপাৰা বাসিন্দা বুলি জানিব পৰা গৈছে। জুৱাৰ অবৈধ প্ৰচলনে অঞ্চলটোৰ পৰিবেশ বিনষ্ট কৰা বুলি অঞ্চলটোৰ একাংশ সচেতন লোকে সংবাদ মাধ্যমক অবগত কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ